কংগ্ৰেছ দল ঐক্যমঞ্চত থাকিলে বাকী দল সমূহৰ ক্ষতি হ'ব: পদ্ম হাজৰিকা

কংগ্ৰেছ দল ঐক্যমঞ্চত থাকিলে বাকী দল সমূহৰ ক্ষতি হ'ব: পদ্ম হাজৰিকা

author-image
Asomiya Pratidin
New Update
 কংগ্ৰেছ দল ঐক্যমঞ্চত থাকিলে বাকী দল সমূহৰ ক্ষতি হ'ব: পদ্ম হাজৰিকা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ "বিৰোধী ঐক্য মঞ্চৰ কথা ক'বলৈ মোৰ লাজেই লাগে। বিৰোধী ঐক্য মঞ্চত কংগ্ৰেছ থকালৈকে একো লাভ নাই- এই মন্তব্য বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ।

লগতে তেওঁ কয় যে, কংগ্ৰছে অলীক সপোন দেখে। কংগ্ৰেছৰ কথা কৈ এনেই মই এনাৰ্জি লছ নকৰো।জনসাধাৰণৰ কথা নুশুনা কংগ্ৰেছ দল ঐক্য মঞ্চত থাকিলে বাকী দলসমূহৰ হে ক্ষতি হ'ব।

আগন্তুক লোকসভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পৰা এক লাখতকৈ অধিক ভোটত শোণিতপুৰৰ প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰাৱলৈ ইতিমধ্য সাজু হৈছো বুলি মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে। শোনিতপুৰৰ চাৰিদুৱাৰৰ বিজেপি কাৰ্যল্যয়ত নদুৱাৰ সমষ্টিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা পঞ্চায়ত সমূহৰ নৱাগত আদৰনি সভাত উপস্থিত থাকি এক মন্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে।

Also Read: অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল, ইতিহাস নাজানিলে কথা ক'ব নালাগেঃ হিমন্ত বিশ্ব

bjp congress