নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকা...

কৃষি কৰ্মক অৱহেলাই অসমীয়াক ৰুগীয়া কৰিব :পদ্ম হাজৰিকা নৰ্থলখিমপুৰ মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাৰ মননশীল বক্তৃতা

author-image
Asomiya Pratidin
New Update
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বিশেষ অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকা...

ডিজিটেল সংবাদ, লখিমপুৰ: বাণিজ্যিক কৃষি কৰ্মৰে স্বাৱলম্বী ন’হলে জাতি এটাৰ অৰ্থনৈতিক ভেটি টনকিয়াল নহয় ৷ পথাৰ আৰু বজাৰ দখল কৰিলে জাতি এটাই উন্নয়নৰ ঢাপত বাট বুলিব পাৰে ৷ কেৱল কৰ্মবিমুখক সাৱটি বহি থাকিলে মূল্যৱান সময় পাৰ হ’ব ৷ আমি অসমীয়া নহওঁ দুখীয়া বুলিবলৈ হ’লে অসমীয়াই দুহাতেৰে কৃষি কৰ্ম কৰিব লাগিব ৷ এই দৰে মন্তব্য আগবঢ়াই চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Advertisment
Padma Hazarika
Padma Hazarika

শণিবাৰে উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ স্বায়ত্ত্বশাসিত মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউঞ্চিলিং চেলৰ দ্বাৰা আয়োজিত “অসমত সমবায় ব্যৱস্থাপনা আৰু উদ্যমিতাৰ বিকাশ সম্ভাৱনীয়তা আৰু প্ৰত্যাহ্বান” শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ১৯৯৬ চনৰ পৰা বিধায়ক হিচাবে চতিয়া বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা পদ্ম হাজৰিকাই প্ৰায় দহ হাজাৰোধিক স্থানীয় যুৱক-যুৱতীক কৃষি কৰ্ম আৰু কৃষিজাত দ্ৰব্যৰ বাণিজ্যৰ দ্বাৰা স্বনিয়োজন আৰু ৰোজগাৰৰ বাট দেখুৱাই আহিছে ৷

জৈৱিক কৃষি, শাক-পাচলি, দুগ্ধজাত সামগ্ৰীৰ উৎপাদন, হাঁহ, কুকুৰা, মীনপালন আদিৰ যোগেদি বিধায়ক হাজৰিকাই জামুগুৰি হাটত কণ্যকা গ্ৰাম্য কৃষি পৰ্যটন ক্ষেত্ৰ গঢ় দিছে ৷ স্ব-নিয়োজনৰ বাটকটীয়া হিচাবে কণ্যকা বহুমুখী কৃষি পামৰ যোগেদি বিধায়ক পদ্ম হাজৰিকাই নৱ প্ৰজন্মক কৰ্মসংস্থাপনৰ দিহা কৰি এক নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে ৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিব পৰাকৈ পদ্ম হাজৰিকাক আমন্ত্ৰণ জনাই উক্ত বক্তৃতানুষ্ঠানৰ আয়োজন কৰে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷

North Lakhimpur College Auditorium
North Lakhimpur College Auditorium

ভাষণ প্ৰসংগত বিধায়ক হাজৰিকাই কয় যে, “অসমীয়া জাতিয়ে দুহাতেৰে কৃষি কৰ্ম কৰি উৎপাদন নকৰিলে ৰুগীয়া হ’ব ৷ কাৰণ এতিয়া বজাৰত ৰাসায়নিক সাৰ যুক্ত শাক পাচলিয়ে ভৰি পৰিছে ৷ এই সমূহ গ্ৰহণ কৰাৰ পাছত মানুহবোৰ ৰুগীয়া হ’ব আৰু গাঁৱে-গাঁৱে চিকিৎসা মহাবিদ্যালয় পাতিলেও ৰোগীৰ সংখ্যা নকমিব ৷ নৱ প্ৰজন্মক চাকৰিমুখী নহৈ বাণিজ্যিক অৰ্থত সমবায় ভিত্তিক বৈজ্ঞানিক পদ্ধতিৰ কৃষি কৰ্ম কৰিবলৈ অনুপ্ৰেৰণামুলক ভাৱে বিধায়ক গৰাকীয়ে এই মননশীল বক্তৃতা আগবঢ়ায় ৷ উল্লেখ্য যে, বক্তৃতাৰ অনুষ্ঠানটোত স্থানীয় বিধায়ক মানৱ ডেকাও উপস্থিত থাকে ৷

Also Read: স্কেটিং চেম্পিয়নশ্বিপত ভাগ ল'ব বিচাৰে নেকি ?

lakhimpur