জামুগুৰিহাটত বিঘাই বিঘাই ধাননি পথাৰত লাগিছে পোক

জামুগুৰিহাটত বিঘাই বিঘাই ধাননি পথাৰত লাগিছে পোক

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বিঘাই বিঘাই ধাননি পথাৰত লাগিছে পোক

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ একাংশ ধাননি পথাৰ হৈ পৰিছে ৰঙচুৱা। ভুঁই ৰোৱাৰ প্ৰায় ১মাহৰ পিচতে অঞ্চলটোৰ কাঠৰচুক পথাৰত বিঘাই-বিঘাই ধান গছ ৰঙচুৱা হৈ পৰাত চিন্তিত হৈ পৰিছে খেতিয়কসকল।

Advertisment

এবিধ সৰু পোকে ধান গছত আশ্ৰয় লোৱাৰ বাবেই এইদৰে ধানগছসমূহ ৰঙা পৰি যোৱা বুলি একাংশ কৃষকে মন্তব্য কৰিছে। কৃষকৰ কঠোৰ পৰিশ্ৰমৰ অন্তত ধাননি পথাৰত ধান গছসমূহ ঠন ধৰি উঠিবলৈ লওঁতেই এইদৰে ৰঙচুৱা হৈ পৰাত চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে জামুগুৰিহাটৰ একাংশ খেতিয়ক ।

কৃষি বিভাগক এই সন্দৰ্ভত খেতিয়কসকলে জনোৱাৰ পিচতো কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Also Read: জীৱন-মৃত্যুৰ যুঁজত এগৰাকী মেধাৱী ছাত্ৰী : সহায়ৰ বাবে পিতৃ-মাতৃৰ কাতৰ অনুৰোধ

jamugurihat