ডিজিটেল সংবাদ,দুমুনিচকী : জীৱন-মৃত্যুৰে যুঁজিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। সম্প্ৰতি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰীগৰাকী। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তিতকুছি গাওঁ নিবাসী পুলেন কুমাৰৰ একমাত্ৰ কন্যা সন্তান নাম দ্বিপান্বিতা কুমাৰ।
অতি সৰল মনা আৰু নম্ৰ স্বভাৱৰ দ্বিপান্বিতা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। পিতৃ-মাতৃৰ ভৱিষ্যতৰ আশা-ভৰসা বুলিবলৈ একমাত্ৰ কন্যা দ্বিপান্বিতাই হৈছে সন্তান।উল্লেখ্য যে, সঘনাই জ্বৰ, বিষ আদি ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত মাৰাত্মক লিউক’মিয়া ( ব্লাড কেঞ্চাৰ) ৰোগত ভুগি থকা বুলি চিকিৎসকে জানিবলৈ দিয়ে।
এই খবৰ পোৱাৰ লগে লগে পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। কিয়নো কোনো মতে এসাঁজ খাই এসাঁজৰ বাবে চিন্তা কৰিবলগীয়া পৰিয়ালটোই কিদৰে সন্তানৰ ব্যয়বহুল চিকিৎসা কৰোৱাব। ইয়াকেলৈ পৰিয়ালটোৰ মাজত দিন নাযায়-ৰাতি নুপুৱাই লেখিয়া হৈছে।
ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃ পুলেন কুমাৰে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি কোনো মতে পৰিয়ালটো পোহপাল দি আছে। জানিব পৰামতে কোনো মতে পেট প্ৰৱৰ্তাই থকা পিতৃ পুলেন কুমাৰে অৰ্থৰ অভাৱৰ বাবে দুৰ্ভগীয়া কন্যাক মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হাস্পতালৰ পৰা উভতাই আনি বৰ্তমান বি বৰুৱা কেঞ্চাৰ হাস্পতালত ভৰ্তি কৰাইছে।
সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি থকা ছাত্ৰীগৰাকীৰ ব্যয়বহুল চিকিৎসাৰ খৰচ বহনৰ ক্ষেত্ৰত আৰ্থিক দুৰৱস্থাই পৰিয়ালটোক কোঙা কৰি পেলাইছে। সেয়ে পিতৃ পুলেন কুমাৰ তথা পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক দিগন্ত কলিতাৰ পৰা আৰ্থিক সাহাৰ্যৰ বাবে কাতৰ অনুৰোধ জনাইছে।
ইয়াৰোপৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে কোনো সহৃদয়ৱান ব্যক্তিৰ পৰা সাধ্যানুসাৰে সহায় বিচাৰি অনুৰোধ জনাইছে। আনহাতে ব্লাড কেঞ্চাৰ ৰোগত ভুগি থকা ছাত্ৰীগৰাকীক কোনো সদাশয় লোকে ৰক্তদান কৰিও উপকৃত কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷
পৰিয়াল তথা ছাত্ৰীগৰাকীৰ এনে জটিল সন্ধিক্ষণত কোনো লোকে সহায় কৰিব বিচাৰিলে নিম্ন লিখিত ঠিকনাত সহায়-সাহাৰ্য দিব পাৰিব বুলি পৰিয়ালৰ লোকে জনাইছে।
পিতৃৰ নাম - পুলেন কুমাৰ
ঠিকনা- তিত্কুছি
ডাকঘৰ - হালধা
থানা - বাইহাটা চাৰিআলি
জিলা - কামৰূপ
পিন - ৭৮১১২১
ফোন নং - 9854972876
Account no-12070110033111
IFSC : UCBA0001207