শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠস্থান ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত

author-image
Asomiya Pratidin
New Update
শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

ডিজিটেল সংবাদ ,ঢকুৱাখনা: উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠস্থান ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা বাৰ্ষিক পালনাম ভাগি এইবাৰো অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বাসুদেৱ থান আৰু নৰোৱা সত্ৰ পৰিয়ালৰ উদ্যোগত সত্ৰৰ প্রাংগনত বিগত ৬৬ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি  অহা ৪ আৰু ৫ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব।

এই বাৰ্ষিক পালনাম ভাগিৰ প্ৰথম দিনৰ কাৰ্যসূচী বীৰেন্দ্ৰ দেৱ গোস্বামী আৰু অতুল দেৱ গোস্বামীৰ প্ৰাতঃ প্ৰসংগৰে শুভাৰম্ভ হ'ব। ইয়াৰ পাছত মনোৰমা গোস্বামী আৰু ৰেণু গোস্বামীৰ নেতৃত্বত আইনামৰ পাছতে সমূহীয়া নাম প্ৰসংগ আৰু বাৰ্ষিক পালনামৰ উদ্বোধন কৰিব শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে ।

কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল মহন্তই নামাচাৰ্য, নগাঁও আইভেটিৰ বুবুল মহন্তই দোহাচাৰ্য আৰু শোণিতপুৰ কোৱামৰা সত্ৰৰ গোপাল মহন্ত আৰু প্ৰাচীন চামগুৰি সত্ৰৰ ভৰত মহন্তই পাঠাচাৰ্য হিচাবে অংশগ্ৰহণ কৰিব বাৰ্ষিক পালনাম উৎসৱত। সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পৰৱৰ্তী সময়ত দ্বিতীয় দিনা পুৱা আইসকলৰ নাম আৰু দুপৰীয়া সমূহীয়া নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছত পালনামৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব ।

সন্ধিয়ালৈ সত্ৰৰ নামঘৰ প্ৰাংগণত " দশৰথৰ স্বৰ্গ উদ্ধাৰ ,সিন্ধু মুনিৰ অভিশাপ" শীর্ষক এক ভাওনা প্রদর্শন কৰা হ'ব। সত্ৰৰ উৎসৱ উপ সমিতিৰ সভাপতি যোগেশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱ সকলক বাৰ্ষিক পালনামৰ সমূহ কাৰ্যসূচীত উপস্থিতি আৰু অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছে।

আৰু পঢ়কঃউন্নয়নৰ নমুনা ! জৰাজীৰ্ণ কালভাৰ্টে জলা-কলা খুৱাইছে তেজপুৰৰ ৰাইজক

palnaam satra