/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8bceae35-e85a-45df-bc2e-19453a5b725f/a4.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ আঁচনি ৰূপায়ণৰ নামত দুৰ্নীতি। এই ঘটনা সংঘটিত হৈছে তেজপুৰত। ৰাজনৈতিক ছত্ৰছায়াত দুৰ্নীতি অনিয়মৰ অভিযোগ সচেতন ৰাইজৰ।
জৰাজীৰ্ণ নলা-নৰ্দমাসমূহ মেৰামতি আৰু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন দিয়া লাখ লাখ টকাৰ বিভিন্ন আঁচনি ৰূপায়নৰ নামত বিগত দিন ধৰি ৰাজনৈতিক ছত্ৰছায়াত অবাধ দুৰ্নীতি অনিয়ম সংঘটিত হৈ আহিছে। তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত নেপালীপট্টিত পথৰ সোঁমাজত বহু দিন ধৰি জৰাজীৰ্ণ হৈ থকা এটা কালভাৰ্টে তেজপুৰৰ বিজেপি পৌৰসভাৰ উন্নয়নৰ স্বৰূপটোকে সম্পূৰ্ণৰূপে উদঙাই দিছে বুলি অভিযোগ একাংশৰ।
ভুক্তভোগী ৰাইজে জানিবলৈ দিয়া অনুসৰি জৰাজীৰ্ণ কালভাৰ্টটোৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। অভিযোগ মতে চহৰখনৰ বাণচাৰিআলিৰ পৰা নেপালী পট্টি হৈ নেৰিৱালম সংযোগী পকী পথটোৰ ১২ আৰু ১৩ নম্বৰ ৱাৰ্ডৰ এলেকাৰ সোঁমাজত থকা পুৰনি কালভাৰ্টটো কিছুদিন পূৰ্বে হঠাতে ভাগি পৰে ।
সেই অনুসৰি নেপালীপট্টি অঞ্চলৰ ৰাইজে অন্যতম ব্যস্ত পথটোৰ ওপৰত থকা জৰাজীৰ্ণ কালভাৰ্টটো ততাতৈয়াকৈ মেৰামতি কৰাৰ বাবে পৌৰসভাৰ ওচৰত দাবী জনাই আহিছে । কিন্ত পৌৰসভাই জৰাজীৰ্ণ কালভাৰ্টতো আজিলৈকে সঠিকভাৱে মেৰামতি কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে ।
এইক্ষেত্ৰত পৌৰসভাৰ চূড়ান্ত গুৰুত্বহীনতা আৰু অৱহেলাৰ ফল স্বৰূপেই দুয়োটা ৱাৰ্ডৰ সহস্ৰাধিক লোক বৰ্তমান সময়ত যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইফালে ৰাইজৰ দাবীত প্ৰায় ১৫ দিনমান আগতে পালমৰা ধৰণে কাম কৰি জধে-মধে মেৰামতি কৰাৰ বাবেই এসপ্তাহ পাৰ নৌহতে কালভাৰ্টটোৰ উক্ত অংশ পুনৰ ভাগি খহি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/540ed2e4-4e86-4db7-b377-758d2db5e4a2/3907e7bc_a555_49b9_90ac_981a00669e8c.jpg)
এই ঘটনাৰ পিছতে ক্ষুদ্ধ হৈ পৰা এলেকাটোৰ ৰাইজে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। আনহাতে তেজপুৰ পৌৰসভাৰ বিভিন্ন প্ৰান্তত থকা ফুটপাথ,পকী নলা,নৰ্দমা আৰু একাধিক পথ এফালৰ পৰা জহি-খহি যোৱাৰ পিছতো কোনো ধৰণে মেৰামতি নকৰাৰ অভিযোগ উঠিছে। তেজপুৰ পৌৰসভাৰ এনে ভূমিকাৰ কাৰণেই জৰাজীৰ্ণ ফুট পাথ, পকী নলা,নৰ্দমা আৰু ৰাষ্টাসমূহক কেন্দ্ৰ কৰি যাতায়তৰ ক্ষেত্ৰত ৰাইজ ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে।
উল্লেখ্য যে পৌৰসভাৰ নিৰ্বাচনৰ সময়ত বিজেপি সাংসদ ,বিধায়ক আৰু নেতাসকলে সভা সমিতিসমূহত তেজপুৰ পৌৰসভা এলেকাৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়া তিলমানো হৈ উঠা নাই বুলি উল্লেখ কৰে।
আৰু পঢ়কঃ চিৰাঙৰ ৯১৬ বিদ্যালয়ক সামৰি গুণোৎসৱ