মানকাচৰত মালভৰ্তি টাটা মেজিকসহ নিখোজ গাড়ীৰ মালিক

মানকাচৰত মালভৰ্তি টাটা মেজিকসহ নিখোজ গাড়ীৰ মালিক

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ চমৰাশালীৰ টাটা মেজিক বাহনৰ চালক এজন মালভৰ্তি বাহনসহ শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, মানকাচৰ থানা এলেকাৰ অধীনস্থ চমৰাশালী গাঁৱৰ ছমেৰ আলীৰ পুত্ৰ ছাইফুল ইছলাম নামৰ গাড়ী চালকজন সন্ধানহীন হৈ পৰিছে।

শনিবাৰে দিনৰ প্ৰায় ১২ বজাত হাটশিঙিমাৰীৰ বেপাৰীপাৰা নাওঘাটৰ পৰা তেওঁৰ নিজৰ এ এছ ৩৪ চি ০৯১৪ নম্বৰৰ টাটা মেজিক বাহনখনত গেলামাল দোকান এখনৰ প্ৰায় আঢ়ৈ লাখ টকাৰ সামগ্ৰী লৈ মেঘালয় সীমান্তৱৰ্তী তেলঢালাৰ চন্দনপাৰালৈ ৰওনা হৈছিল। জাকিৰ হুছেইন নামৰ দোকানীজনে দিনৰ প্ৰায় ১২.৩০ বজাত গাড়ী চালকজনৰ সৈতে ফোনযোগে কথা পতাত তেওঁ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ ময়নাবান্ধা পোৱা বুলি দোকানী জনক অৱগত কৰিছিল।

পৰৱৰ্তী সময়ত প্ৰায় ১ ঘণ্টা অতিক্ৰম কৰাৰ পাচতো গাড়ীখন গন্তব্য স্থানত উপস্থিত নোহোৱাত দোকানী জাকিৰ হুছেইন পুনৰ গাড়ী চালকজনক ফোন কৰিবলৈ চেষ্টা কৰে যদিও তেতিয়াৰ পৰাই চালকজনৰ মোবাইল বন্ধ পোৱাৰ লগতে সন্ধানহীন হৈ পৰে। ঘটনাক লৈ কালি দোকানী জাকিৰ হুছেইনৰ লগতে চালকজনৰ পৰিয়ালে বিভিন্ন ঠাইত খা-খবৰ লয় যদিও প্ৰায় ৩৬ ঘণ্টা অতিক্ৰম কৰাৰ পাচতো এতিয়ালৈ চালকজনৰ কোনো সম্ভেদ লাভ কৰিব পৰা নাই।

ঘটনাক লৈ চালকজনৰ আত্মীয়ই খাৰুৱাবান্ধা আৰক্ষী চকীত এটি এজাহাৰ দাখিল কৰিছে। হাটশিঙিমাৰীৰ পৰা ময়নাবান্ধা হৈ মেঘালয়ৰ টানগাওঁ পথেৰে গৈ থকা অৱস্থাত মালভৰ্তি বাহনসহ চালকজনক অপহৰণ কৰা হ’ল নেকি তাক লৈ পৰিয়ালৰ লোকৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

খাৰুৱাবান্ধা আৰক্ষীয়ে চালকজনক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। ইফালে প্ৰায় আঢ়ৈ লাখ টকাৰ গেলামালৰ দোকানৰ সামগ্ৰীসহ চালকজন নিজৰ বাহন লৈ পলায়ন কৰিলে নেকি তাক লৈও একাংশৰ মাজত খবৰ বিয়পি পৰিছে।

আৰক্ষীৰ তদন্তৰ পাচতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কিন্তু লক্ষ্যনীয় বিষয় এয়া যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পথেৰে চলাচল কৰা অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী, চালকসকল এটা সময়ত গাৰো দুৰ্বৃত্ত তথা উগ্ৰপন্থীৰ হাতত অপহৰণ হৈ আহিছিল। বৰ্তমানে ৰাজ্যখনত উগ্ৰপন্থীৰ সমস্যা প্ৰায় নোহোৱা হোৱাত চালকজন নিৰুদ্দেশ হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

মানকাচৰত মালভৰ্তি টাটা মেজিকসহ নিখোজ গাড়ীৰ মালিক
আজিৰে পৰা দ্বাদশ বাৰ্ষিক চিলাপথাৰ‌ ৰঙালী বিহু সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in