আজিৰে পৰা দ্বাদশ বাৰ্ষিক চিলাপথাৰ‌ ৰঙালী বিহু সন্মিলন...

আজিৰে পৰা দ্বাদশ বাৰ্ষিক চিলাপথাৰ‌ ৰঙালী বিহু সন্মিলন...

ডিজিটেল সংবাদ,চিলাপথাৰঃ অন্ত পৰা নাই বাপতিসাহোন ৰঙালী বিহুৰ ৰং। চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰবাসীৰ সহযোগত দেওবাৰৰ পৰা আৰম্ভ হ'ল দ্বাদশ বাৰ্ষিক চিলাপথাৰ‌ ৰঙালী বিহু সন্মিলন।

খনামুখ আঞ্চলিক যুৱক সংঘৰ প্ৰাংগনত অনুষ্ঠিত বিহু সন্মিলনৰ পুৱাৰ কাৰ্য্যসূচী শৰাই স্থাপন,পৰিবেশ নিকাকৰণ‌ আৰু গছপুলি ৰোপণৰে শুভাৰম্ভ হয়। ইয়াৰ পিছতে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিত গগৈয়ে সন্থা আৰু বিহু সন্মিলন উদযাপন সমিতিৰ সভাপতি লক্ষীনাথ বৰাই বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰে।

অসম আন্দোলনৰ বীৰ ছহিদৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ছহিদ তৰ্পণ কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক পাপলু গগৈয়ে। বিয়লি অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক প্ৰবীণ লাহনে বিহুতলি উদ্ধোধন কৰাৰ পিছতে আৰম্ভ হয় বিহু প্ৰদৰ্শনী।

কেইবাশ নাচনীৰ আকৰ্ষণীয় বিহু নাচে বিহুৰ বাকৰিত এক অনন্য পৰিবেশৰ সূচনা কৰে। ইয়াৰ পিছতে আৰম্ভ হয় হাঁহ ধৰা, চকী খেল, কণী যুঁজ আদি। বিভিন্ন পৰম্পৰাগত প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে উপস্থিত থাকে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সংস্কৃতিক সম্পাদক সোণমইনা শইকীয়া। সহযোগ কৰে গান্ধীনগৰ আৰু জোনাকী নগৰ জেং বিহু দলে।

বিশেষকৈ পৰম্পৰাগত হাঁহধৰা খেলে বাৰুকৈয়ে আমোদ দিয়ে বিহুবলীয়া ৰাইজক।  সন্ধিয়া কণমানি বিহুৱতী, চেমনীয়া বিহুঁৱতি আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আনহাতে সন্ধিয়া ছহিদসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰে বিহু উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি ৰেনুকান্ত বৰাই। তিনিদিনীয়াকৈ আয়োজিত সকলো কাৰ্যসূচীত ৰাইজক অংশগ্ৰহণ কৰি বিহু সন্মিলনী সফল কৰি তুলিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায়।

আজিৰে পৰা দ্বাদশ বাৰ্ষিক চিলাপথাৰ‌ ৰঙালী বিহু সন্মিলন...
৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in