ভাল খবৰঃ অতি শীঘ্ৰেই প্ৰকাশ পাব ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন

পুনৰ ওলাইছে চৰকাৰী চাকৰি। ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লক্ষ্য়ৰে ৰাজ্য চৰকাৰে পুনৰ ঘোষণা কৰিছে চৰকাৰী চাকৰিৰ কথা।

author-image
Asomiya Pratidin
New Update
নিৱনুৱালৈ চাকৰিঃ ৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, শীঘ্ৰেই কৰক আৱেদন...

নিৱনুৱালৈ চাকৰিঃ ৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, শীঘ্ৰেই কৰক আৱেদন...

ডিজিটেল ডেস্কঃ পুনৰ ওলাইছে চৰকাৰী চাকৰি। ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লক্ষ্য়ৰে ৰাজ্য চৰকাৰে পুনৰ ঘোষণা কৰিছে চৰকাৰী চাকৰিৰ কথা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে টুইট কৰে।

Advertisment

টুইটটোত কয় যে, পুনৰ ৩২ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব ৰাজ্য চৰকাৰে। ১০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব বিজ্ঞাপন।

গৃহ বিভাগত ৪,০৯৭, স্বাস্থ্য বিভাগত ৫,১০৫, শিক্ষা বিভাগত ১০,২৯৯, পঞ্চায়ত আৰু গ্রামোন্নয়নত ১,১৭৬ পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। লগতে ৩য় বৰ্গত ৭,০৭৩ আৰু চতুৰ্থ বৰ্গত ৪,৯৩৯টা পদত নিযুক্তি দিয়া হ’ব।

উল্লেখ্য যে, এই বাতৰিয়ে সকাহ দিব নিবনুৱা যুৱক-যুৱতীক। ইয়াৰ কিছুদিন পূৰ্বেও ৰাজ্যত হাজাৰ হাজাৰ যুৱতীয়ে নিযুক্তি লাভ কৰিছিল।

Also Read: প্ৰতিভাৰ আকৰ,তথ্যৰ ভাণ্ডাৰ পুলকানন্দ কৌশিকৰ মৃত্যু

job himanta biswa sarma