প্ৰতিভাৰ আকৰ,তথ্যৰ ভাণ্ডাৰ পুলকানন্দ কৌশিকৰ মৃত্যু

প্ৰতিভাৰ আকৰ,তথ্যৰ ভাণ্ডাৰ পুলকানন্দ কৌশিকৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
প্ৰতিভাৰ আকৰ,তথ্যৰ ভাণ্ডাৰ পুলকানন্দ কৌশিকৰ মৃত্যু

ডিজিটেল সংবাদ , নগাঁও : প্ৰতিভাৰ আকৰ , তথ্যৰ ভাণ্ডাৰ কবি, সাহিত্যিক , আবৃত্তিকাৰ, খনিকৰ নগাঁও চহৰৰ পলিৰোড, বিষ্ণু ৰাভা পথৰ বাসিন্দা পুলকানন্দ কৌশিকৰ(পাপু) মঙলবাৰে পুৱা মৃত্যু হয়। চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত মৃত্যু হয় পুলকানন্দ কৌশিকৰ।

Advertisment

আজি কিছুদিন ধৰি পুলকা নন্দ কৌশিক এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। এগৰাকী সুদক্ষ আবৃত্তিকাৰ হিচাপে পৰিচিতি লাভ কৰা কৌশিক বৌদ্ধিক প্ৰতিভাৰ ইতিহাসত জিলিকি থকা এগৰাকী যুৱক আছিল। অসমৰ সাংস্কৃতিক বুৰঞ্জী অন্যতম প্ৰবক্তা পুলকানন্দ কৌশিক এগৰাকী ভাস্কৰ্য শিল্পীও আছিল।

কবি, নিবন্ধকাৰ কৌশিক সদায় নিজ ইচ্ছাৰেই চলি আহিছিল। আপোচ নকৰাকৈয়ে জীৱন নাট সামৰিলে কৌশিকে ৷ কাৰো শাসনত থাকিব নোখোজা কবি গৰাকীয়ে সহজ সৰল জীৱন যাপন কৰিছিল। তেওঁ এগৰাকী সু নিপুন অভিনয় শিল্পীও , একেদৰে সংগীতৰ ক্ষেত্ৰখনেৰেও জৰিত আছিল। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অতিকৈ সজাগ কৌশিকে প্ৰকৃতি প্ৰেমী হিচাপে ক্ষাতি লাভ কৰিছিল।

নগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰী পুলকানন্দ কৌশিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পুৱা ১১ বজাত শেষ নিশ্বাস ত্যাগ কৰাৰ বতৰা প্ৰচাৰ হোৱা পিছত সমগ্ৰ নগাঁও জিলাতে শোঁকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, পুত্ৰ, কন্যা সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।

Also Read: ধৰ্ষণৰ প্ৰতিশোধ! মহিলাই হানি খুচি হত্যা কৰিলে যুৱকক...