/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e0e8b748-87ff-4cc2-b112-e29575486c42/271.jpg)
ডিজিটেল ডেস্ক : কামৰূপ আৰু নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় মাকৈ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত মঙলবাৰে কামৰূপ জিলাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কাঁহিকুচিত এখন মাকৈ উৎপাদন আৰু ইয়াৰ বহনক্ষম জীৱিকা সম্পৰ্কীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে এচ. এল. জাঁট, মুখ্য বিজ্ঞানী আৰু ড° বিশাল, গৱেষণা সহায়ক, ভাৰতীয় মাকৈ গৱেষণা প্ৰতিষ্ঠান, সৌৰভ কুমাৰ শ্ৰীবাস্তৱ, কৃষি বিপণন বিষয়া, কৃষি বিভাগ, অসম, আৰু ড° ধীৰেন্দ্ৰনাথ কলিতা, মুখ্য বিজ্ঞানী তথা মুৰব্বী কৃষি বিজ্ঞান কেন্দ্ৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0d8cbaf5-5022-4738-823a-f5bb35cacf2b/8704c182_d05f_4db7_9c88_7e2c87473002.jpg)
এই প্ৰশিক্ষণ শিবিৰত মাকৈৰ কৃষি পদ্ধতিৰ বিষদ বিবৰণৰ লগতে মাকৈৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা বিভিন্ন মূল্য-সংযোজন সম্পৰ্কেও ব্যাখ্যা কৰা হয়। একাংশই নাজানিব পাৰে যে, মাকৈৰ পৰা খোৱা তেল আৰু ইথান'লও উৎপন্ন হয়।
বৰ্তমান সময়ত চৰকাৰে খাৰুৱা তেলত ২০% ইথান'ল মিহলি কৰাৰ অনুমোদন দিছে।সেয়েহে মাকৈৰ পৰা প্ৰস্তুত কৰা ইথান'লৰ প্ৰয়োজন আহি পৰিছে। মাকৈৰ পৰা ইথান'ল প্ৰস্তুত কৰিবলৈ আগবাঢ়ি আহিছে এছ. ই. এ. এছ. বায়'টেক প্ৰাইভেট লিমিটেড নামৰ সংস্থা এটা।
আজিৰ সভাত এছ. ই. এ. এছ. বায়'টেক প্ৰাইভেট লিমিটেডৰ কৰ্মকৰ্তা মাৰিদুল আহমেদে উল্লেখ কৰে যে যিসকল কৃষকে মাকৈৰ খেতি কৰিবলৈ উৎসাহি তেখেতলোকক সংস্থাৰ তৰফৰ পৰা বীজৰ পৰা আৰম্ভ কৰি সকলোখিনি সহায় সহযোগিতা আগবঢ়োৱা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7b0780b4-4633-41e0-8442-5b5b315e3e3c/a9b44f03_1fc7_4948_ac8b_17d8a2806923.jpg)
অনুষ্ঠানত কামৰূপ আৰু নলবাৰী জিলাৰ কৃষি উন্নয়ন বিষয়াসকল, খণ্ড প্ৰযুক্তি প্ৰবন্ধক, সহযোগী প্ৰযুক্তি প্ৰবন্ধক, বিভিন্ন কৃষক উৎপাদন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতে কামৰূপ আৰু নলবাৰী জিলাৰ সহযোগী সঞ্চালক ক্ৰমে হিতেশ বেজবৰুৱা, মাকিবুল ৰহমান, প্ৰদীপ কুমাৰ মেধি আৰু কামৰূপৰ মহকুমা কৃষি উন্নয়ন বিষয়া মানস প্ৰতীম মহন্তকে ধৰি বিভাগীয় অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: জে বি আইন মহাবিদ্যালয়ৰ স্মৰণিকাৰ বাবে লেখা বিচাৰি আহ্বান