ওৰাঙৰ ধনশ্ৰীঘাটত ভাং সহ এজনক আটক

ওৰাং আৰক্ষীৰ এক অভিযানত গাড়ী সহ ৬৭ কিলো ৫৫০ গ্ৰাম ভাং জব্দ কৰি আটক কৰে এজনক

author-image
Asomiya Pratidin
New Update
ওৰাঙৰ ধনশ্ৰীঘাটত ভাং সহ এজনক আটক

ডিজিটেল সংবাদ,ওৰাংঃ- ওৰাং আৰক্ষী থান এলেকাৰ ধনশ্ৰীঘাটত বুধবাৰে ওৰাং আৰক্ষীৰ এক অভিযানত গাড়ী সহ ৬৭ কিলো ৫৫০ গ্ৰাম ভাং জব্দ কৰি আটক কৰে এজনক। ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত যোৱা এছ আই (পি) মৃনাল টাইদ, এছ আই (পি) চুমিং পুমু, ছি আই জিতেন্দ্ৰ সিং, মহিলা আৰক্ষী পিংকী তামুলী সহ যোৱা আৰক্ষীৰ দলটোৱে এক গোপন খবৰৰ ভিত্তিত পথত খাপ পিতি থাকে।

Advertisment

মাজবাটৰ পৰা তামোলপুৰলৈ বুলি নিয়াৰ অৱস্থাত ধনশ্ৰীঘাটত ভাং সহ এখন গাড়ী জব্দ হয়। জব্দ হোৱা গাড়ীখনৰ নম্বৰ এ এচ ০১ ডি ৪৮৪৫ নম্বৰৰ। ধৃত ভাং ব্যৱসায় জন ওৰাং থানা এলেকাৰ গেলাবিলৰ বিনয় মোছাহাৰী বুলি চিনাক্ত হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ওৰাং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: কেৱল নেহৰুৰ ভুলৰ বাবেই পাকিস্তানে দখল কৰি আছে কাশ্মীৰৰ অংশঃ অমিত শ্বাহ

Assam police