ওৰাঙৰ মাজবাটত ৰে'লৰ খুন্দাত মাতৃসহ মৃত্যু দুই শিশুৰ...

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ওৰাং : বাকৰুদ্ধ এক পৰিৱেশ। ৰে'লৰ আলিত পৰি ৰৈছে দুটি দেৱশিশু আৰু এগৰাকী মাতৃৰ মৃতদেহ। মাজবাটত ৰে'ল দুৰ্ঘটনাৰ পিছতে নিথৰ ভাবে পৰি ৰৈছে মৃতদেহ কেইটা । ৰে'ল দুৰ্ঘটনাত থিতাতে নিহত দুই দেৱশিশু সহ মাতৃ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

শুক্ৰবাৰে মাজবাটৰ নিকতৱৰ্তী গেৰুবাৰীত ৰে'ল দুৰ্ঘটনাৰ পিছতেই শোকৰ ছাঁ।শোকাৱহ দুৰ্ঘটনাতৰ খবৰে শোকাকুল কৰি তুলিছে অঞ্চলবাসীক। শুক্ৰবাৰে পুৱাৰ ভাগত ৰঙিয়া অভিমুখী ০৫৮৯৪ নম্বৰৰ পেছেঞ্জাৰ ৰে'লগাড়ীৰ সৈতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। মাজবাটৰ গেৰুবাৰীৰ ৰেলগেট নম্বৰ ৪১ আৰু ৪২ৰ মাজত সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত মহিলাগৰাকী মাজবাটৰ ফুহুৰাবাৰীৰ দুতামী কুল্লু আৰু তেওঁৰ দুই সন্তান বুলি ইতিমধ্যই চিনাক্ত কৰ হৈছে। নিহত দুতামী কুল্লুৰ স্বামী গুজৰাটত কৰ্মসূত্ৰে থকাৰ বাবে গাঁৱখনৰ লোক সকলে নিহত ব্যক্তি সকলক মৰোণত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায়। উল্লেখ্য যে, মৃত শিশু দুটিৰ এটি ৫ বছৰ আৰু আনটোৰ ১ বছৰ ২ মাহ। শিশু দুটিৰ নাম ক্ৰমে আলফচ কান্দুলনা লিনা কান্দুলনা।

প্ৰতীকি ফটো
প্ৰসংগ- পৌৰকৰ বৃদ্ধি: এইবাৰ গোলাঘাট পৌৰসভাত প্ৰতিক্ৰিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in