প্ৰসংগ- পৌৰকৰ বৃদ্ধি: এইবাৰ গোলাঘাট পৌৰসভাত প্ৰতিক্ৰিয়া...

পৌৰকৰ বৃদ্ধিত পৌৰসভাই পৌৰসভাই প্ৰতিবাদ। তাহানি জিজিয়া কৰৰ আৰ্হি অনুসৰণ কৰি বৃদ্ধি কৰিছে পৌৰকৰ। ব্যৱসায়ীক প্ৰতিনিধিত্ব কৰা সংগঠনক একাষৰীয়া কৰি পৌৰকৰ বৃদ্ধিৰে জনতাৰ মূৰত মাধমাৰ গোলাঘাট পৌৰসভাৰ...
agrani khabar
agrani khabar

ডিজিটেল সংবাদ, গোলাঘাট : খাটিখোৱা জনতাৰ কল্যাণৰ বিষয়টো চৰকাৰে নিলগাই ৰাখি তাহানী যুগৰ জিজিয়া কৰৰ আৰ্হিত ৰন্ধন গেছ, ডিজেল, আলু, পিয়াজ, চাউল, আতা, মৈদা আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সঘনাই বৃদ্ধি কৰি অহাৰ লগতে টোল কৰো বঢ়াই দিয়াৰ পাছত এইবাৰ চহৰাঞ্চলত অধিক হাৰত পৌৰ কৰ বৃদ্ধি কৰি পৌৰসভায়ো জনতাৰ মূৰত ৰাম টাঙোন সোধায়। যাক লৈ সমগ্ৰ অসমৰ পৌৰ এলেকাবোৰৰ লগতে গোলাঘাট নগৰৰ ব্যৱসায়ী তথা বাসিন্দা সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গোলাঘাট পৌৰ সভাই চহৰৰ ব্যৱসায়ী তথা বিশিষ্ট নাগৰিক সকলৰ লগত আলোচনা কৰি পূৰ্বৰ কৰৰ ২০ শতাংশ বৃদ্ধি কৰা বুলি উল্লেখ কৰিছে যদিও চহৰৰ দুই ব্যৱসায়িক স্তম্ভ (সংগঠন) ইউনাইটেড চেম্বাৰ্ছ অৱ কৰ্মাছ, গোলাঘাট আৰু অসম চেম্বাৰ্ছ অৱ কৰ্মাছৰ লগত কোনো ধৰণৰ আলোচনা নকৰি একপক্ষীয় ভাৱে কৰ বৃদ্ধি কৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ব্যৱসায়ীক সংগঠন কেইটাই। ইউনাইটেড চেম্বাৰ্ছ অৱ কৰ্মাছৰ সভাপতি তথা বিশিষ্ট অভিযন্তা কিশোৰ কুমাৰ দত্তই অসমীয়া প্ৰতিদিনৰ আগত ক্ষোভেৰে কয় যে, "এয়া চহৰৰ ব্যৱসায়ী তথা বাসিন্দা সকলৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে। ব্যৱসায়ী সকলক প্ৰতিনিধিত্ব কৰা মূল সংগঠন সমূহৰ লগত কোনো ধৰণৰ আলোচনা নকৰি পৌৰসভাই নিজা ইচ্ছাৰে ব্যৱসায়ী তথা জনসাধাৰণৰ ওপৰত অত্যাধিক কৰ জাপি দিয়াতো উচিত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে পৌৰ সভাৰ এনে কাৰ্য গৰিহণাযোগ্য। আমি ইয়াৰ প্ৰতিবাদ কৰিম।"

অন্যহাতে অসম চেম্বাৰ্ছ অৱ কমাৰ্ছ, গোলাঘাটৰ সভাপতি শ্যামল দাসেও গোলাঘাট পৌৰসভাৰ এনে হিতকাৰী সিদ্ধান্ত চহৰৰ ব্যৱসায়ী তথা বাসিন্দা সকলে মানি নলয় বুলি তেওঁ ক্ষোভেৰে প্ৰকাশ কৰি কয় যে, "পৌৰ সভাই কোনো আলোচনা নকৰাকৈয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক।" ইউনাইটেড চেম্বাৰ্ছ অৱ কৰ্মাছৰ, গোলাঘাট শাখাৰ জেষ্ঠ উপ-সভাপতি দিক কলিতায়ো পৌৰসভাৰ কৰ বৃদ্ধি কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰি কয় যে এয়া একপক্ষীয়। এনে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ যোগ্য হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, "সময়ে সময়ে পৌৰ কৰ বৃদ্ধিৰ প্ৰয়োজন আছে যদিও পৌৰসভাই ব্যৱসায়িক সংগঠন সমূহৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে একপক্ষীয় ভাৱে বৃদ্ধি কৰা কাৰ্য কোনেও মানি লব নোৱাৰে।"

ব্যৱসায়ী সংগঠন তথা চহৰৰ জনসাধাৰণে বিভিন্ন স্তৰত ৫ৰ পৰা ১০ শতাংশ কৰ বৃদ্ধিৰ পোষকতা কৰিছিল যদিও পৌৰ সভাই চহৰৰ গৃহ কৰ ২০ শতাংশ আৰু ব্যৱসায়ীক গৃহ আৰু অনুজ্ঞাপত্ৰৰ কৰ ৫০ শতাংশ বঢ়াই দি ৰাইজৰ মূৰত মাধমাৰমাৰ সোধাইছে। তেওঁ ক্ষদ্ৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত ব্যৱসায়ী আৰু বৃহৎ ব্যৱসায়ী একাকাৰ কৰা বিষয়টোৰো তীব্ৰ বিৰোধিতা কৰে। ইফালে ইউনাইটেড চেম্বাছ অৱ কৰ্মাছৰ গোলাঘাট শাখাৰ সম্পাদক তথা এগৰাকী বিশিষ্ট ব্যৱসায়ী পৱন বাহাটীয়েও পৌৰ সভাৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দি কয় যে গোলাঘাট পৌৰসভাই আমাক আলোচনালৈ মাতিম বুলি কৈছিল, কিন্তু ৰহস্যজনক ভাৱে আমাক নামাতিলে আৰু ব্যৱসায়ীৰ মত প্ৰকাশৰ অধিকাৰো খৰ্ব কৰা হ'ল। এয়া ব্যৱসায়ী সকলক প্ৰতিনিধিত্ব কৰা এটা সংগঠনৰ প্ৰতি ঘোৰ অপমান বুলিও তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰে।

চহৰৰ এগৰাকী বিশিষ্ট লেখক তথা নাগৰিক অমল চন্দ্ৰ কোঁৱৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, গোলাঘাট পৌৰসভাই শেহতীয়াকৈ গোলাঘাটৰ ৰাইজৰ মূৰত পুনৰ ৰাম টাঙুন মাৰি পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱা কাৰ্য অতি পৰিতাপৰ বিষয়। কিছুদিনৰ পূৰ্বে পৌৰ কৰ সামান্য ভাৱে বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া সেই প্ৰতিশ্ৰুতি ভংগ কৰি উচ্চ হাৰত পৌৰকৰ বৃদ্ধি কৰাটো কোনো কাৰণতেই মানি ল'ব নোৱাৰি। পৌৰসভাই পৌৰসভাৰ ৰ্ৱাড বিলাকৰ উন্নয়ন কৰাৰ বিপৰীতে পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈ গোলাঘাট পৌৰসভাক আহ্বান জনায়। লগতে কোঁৱৰে কয় যে, এই কৰি বৃদ্ধিৰ প্ৰক্ৰিয়া পুনৰ বিবেচনা নকৰিল নগৰবাসীয়ে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব।

অন্যহাতে গোলাঘাট পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাই কয় যে, পৌৰ আইনৰ অনুসৰি গোলাঘাট চহৰত পৌৰকৰ বৃদ্ধি কৰা হৈছে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, কিছু দিশৰ পূৰ্বে গোলাঘাট পৌৰসভাই এক নিৰ্দেশ যোগে অতি উচ্চ হাৰত পৌৰকৰ বৃদ্ধি কৰিছিল যদিও নগৰ খনৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিৰ সৱল প্ৰতিবাদৰ পাছত উক্ত জাননী প্ৰত্যাহাৰ কৰি সামান্য সালসলনি কৰি গৃহ কৰ ২০ শতাংশ আৰু ব্যৱসায়ীক অনুজ্ঞাপত্ৰৰ কৰ ৫০ শতাংশ বৃদ্ধি কৰাত ৰাইজ জাঙুৰ খাই উঠিছে। গোলাঘাট পৌৰসভাৰ তথ্য অনুসৰি গোলাঘাট চহৰত পৌৰসভাৰ মুঠ ১০৮২ টা ব্যৱসায়িক গৃহ আৰু ৮১৪৪ টা কৰযুক্ত আবাস আছে।

agrani khabar
সাহিত্য অকাডেমিৰ সহযোগত কটন বিশ্ববিদ্যালয়ত কবিতা উৎসৱৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in