হিতাধিকাৰীৰ চাউল আত্মসাৎ! সুলভ মূল্যৰ দোকানীৰ ঘৰত উত্তপ্ত পৰিস্থিতি

হিতাধিকাৰীৰ চাউল  আত্মসাৎ!  সুলভ মূল্যৰ দোকানীৰ ঘৰত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ,ওৰাং: ৰাজ্যৰ সমবায় সমিতিৰ একাংশ এজেন্টে কেৰেপ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক।মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি ন ন কৌশলেৰে দৰিদ্ৰ হিতাধিকাৰীৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বিনামূলীয়া চাউলত এজেন্টে চলাই গৈছে লুণ্ঠন ৰাজ ।

ৰৌতাৰ ধিপবিচৰা গাঁৱৰ সুলভ মূল্যৰ দোকানীৰ ঘৰত উত্তপ্ত পৰিস্থিতি। দৰিদ্ৰৰ বিনামূলীয়া চাউল আত্মসাৎ কৰাৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে । শতাধিক ক্ষুব্ধ ৰাইজে চাউল বিচাৰি ঘেৰাও কৰে এজেন্টৰ বাসগৃহ । জালিয়াতিৰে চাউল আত্মসাৎ কৰা এজেন্টক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ হিতাধিকাৰীৰ ।

ওদালগুৰি সমবায় সমিতিৰ অন্তৰ্গত ধিপবিচৰা গাঁৱৰ সুলভ মূল্যৰ দোকানী আকবৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। এজেন্ট গৰাকীয়ে বিগত ২/৩ তিনি মাহৰ পৰা সুলভ মূল্যৰ বিনামূলীয়া চাউল দিয়া নাই হিতাধিকাৰীক। কৌশলেৰে দৰিদ্ৰ,অশিক্ষিত হিতাধিকাৰীৰ আঙুলিৰ ছাপ(Finger Print) লৈ জুন আৰু জুলাই মাহৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে ।

হিতাধিকাৰীৰ আধাৰ কাৰ্ড লিংক নাইবা আয়ুস্মান কাৰ্ড বনাই দিয়াৰ কথা কৈ আঙুলিৰ ছাপ লোৱাৰ অভিযোগ। বাকী থকা চাউল বিচাৰিলে দিয়া হৈছে বুলি ওলোটাই হিতাধিকাৰীক ধমক দিয়াৰ অভিযোগ। এই সন্দৰ্ভত ওদালগুৰি জিলা যোগান বিভাগক ৰাইজে অভিযোগ দিয়ে যদিও কোনো সমাধান সূত্ৰ নাপালে দুখীয়া ৰাইজে।

উপায়ন্তৰ হৈ ৰাইজে নিজৰ প্ৰাপ্য চাউল বিচাৰি এজেন্টৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ ৰাইজে দুখীয়াৰ চাউল আত্মসাৎ কৰা এজেন্ট আকবৰ আলীক গ্ৰেপ্তাৰ কৰক, দুৰ্নীতিগ্ৰস্থ এজেন্টৰ লাইচেন্স বাতিল কৰক, খাদ্য আৰু অসামৰিক যোগান বিভাগ হায়-হায়,আমাক চাউল লাগিবৈ আদি শ্লগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে। সমান্তৰালকৈ এক তদন্তৰ জৰিয়তে এজেন্ট আকবৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ মুখ্যমন্ত্ৰী,জিলা উপায়ুক্ত তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় দৰিদ্ৰ হিতাধিকাৰী সকলে।

ইফালে দুখীয়াৰ তেজ শুহি খোৱা এজেন্ট আকবৰ আলীৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষ্যনীয় হব?

হিতাধিকাৰীৰ চাউল  আত্মসাৎ!  সুলভ মূল্যৰ দোকানীৰ ঘৰত উত্তপ্ত পৰিস্থিতি
চন্দ্ৰযান-৩ চন্দ্ৰৰ নিকটতম কক্ষপথ পাইছেঃ ইছৰো

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in