মন্ত্ৰীৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক কিছমত আলী..

মন্ত্ৰীৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক কিছমত আলী..

ডিজিটেল সংবাদ,ওৰাংঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল প্ৰৱঞ্চক কিছমত আলী ওৰফে ৰহিম উদ্দিন। আত্মগোপন কৰি থকা অৱস্থাত ৰৌতা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।

দালালৰূপী প্ৰৱঞ্চক জনে এগৰাকী মন্ত্ৰীৰ নাম লৈ ৰৌতাৰ বিভিন্ন লোকৰ পৰা চাকৰি দিয়াৰ নামত,মাটিৰ সমস্যা সমাধান কৰি দিয়াৰ নামত লাখে-লাখে টকা সংগ্ৰহ কৰিছিল।

ৰৌতাৰ ঝাৰগাঁৱৰ ৰমেশ ডেকাক চাকৰিৰ ভুৱা নিযুক্তি পত্ৰৰে প্ৰায় ৫ লাখ টকা, মোছাৰফ হুছেইনৰ পৰা প্ৰায় ৪ লাখ টকা, ৰৌতাৰ মাধৱগোঁহাইৰ ৰফিকুল ইছলামৰ পৰা প্ৰায় ৪ লাখ ৫০ হাজাৰ টকা সৰকাইছিল প্ৰৱঞ্চকে।

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱা লগতে ভুক্তভোগী পৰিয়ালে ৪ মে'ত ৰৌতা আৰক্ষী থানাত ধন লেনদেনৰ তথ্যসহ দৰঙৰ বেছিমাৰীৰ কিছমত আলী ওৰফে ৰহিমুদ্দিন,আহমদ আলী আৰু কুৰবান আলীৰ নামত এজাহাৰ দাখিল কৰিছিল।

ৰৌতা আৰক্ষীয়ে ৫৪/২৪ নম্বৰৰ ভাৰতীয় দণ্ডবিধিৰ ১২০(B)/৪২০/৪০৬/৪৬৮ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল। কিন্তু এজাহাৰ দাখিলৰ পিছৰে পৰা প্ৰৱঞ্চকৰ দলটো পলাতক অৱস্থাত আছিল।

অৱশেষত এক গোপন খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীয়ে অভিযান চলাই খাৰুপেটীয়াৰ এটা ল'জত আত্মগোপন কৰি থকা অৱস্থাত মূল অভিযুক্ত কিছমত আলী ওৰফে ৰহিম উদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে পৰৱৰ্তী সময়ত প্ৰৱঞ্চক জনক জেল হাজোতলৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চকজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ভুক্তভোগী ৰমেশ ডেকাই। ইফালে আন দুগৰাকী প্ৰৱঞ্চক এতিয়াও পলাতক হৈ আছে। দুয়ো গৰাকীকে অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ আশ্বাস দিয়ে ৰৌতা আৰক্ষীয়ে।

মন্ত্ৰীৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক কিছমত আলী..
ধেমাজিৰ প্ৰবীন বিজ্ঞান কৰ্মীলৈ বিজ্ঞান সমিতিৰ সম্বৰ্ধনাঃ “ চিন্তন” গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in