/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/10fda21c-5eb1-49a5-8784-7d9f7e49ee26/dhemaji_21.jpg)
ধেমাজিৰ প্ৰবীন বিজ্ঞান কৰ্মীলৈ বিজ্ঞান সমিতিৰ সম্বৰ্ধনাঃ “ চিন্তন” গ্ৰন্থ উন্মোচন...
ডিজিটেল সংবাদ ধেমাজি: অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ উদ্যোগত ধেমাজি প্ৰেছ ক্লাৱত মঙ্গলবাৰে অসম বিজ্ঞান সমিতি ধেমাজিৰ প্ৰবীন বিজ্ঞান কৰ্মী সকললৈ সম্বৰ্ধনা জনোৱাৰ লগতে অন্ধবিশ্বাস দূৰীকৰণৰ অবিৰত যাত্ৰাৰ শীৰ্ষক “চিন্তন”নামৰ গ্ৰন্থৰ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷
অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ সভানেত্ৰী লাৱণ্য লাহন চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত “চিন্তন” গ্ৰন্থখনি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক, টাই ভাষাৰ গৱেষক তথা চ্যুকাফা বঁটা প্ৰাপক ড° পুষ্প গগৈয়ে ৷ ভাষণত তেওঁ কয় যে, বতৰ্মান ভাৰতেই নহয় সমগ্ৰ বিশ্ববাসীয়ে অন্ধবিশ্বাসৰ কবলত আছে, জীয়াই থকালৈকে মানুহে অন্ধবিশ্বাসৰ পৰা মুক্ত হ'ব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fab1442e-7fe5-4778-bce4-6d31e336d533/a03558a3-aec5-46d3-bb7d-07bd6683f4a1.jpg)
সভাত ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ উক্ত কাৰ্যক প্ৰশংসা কৰে ৷ সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বড়ি, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, ধেমাজিৰ বিশিষ্ট মহিলা নেত্ৰী তথা সমাজকৰ্মী বিমলা গগৈ, কুঞ্জ বৰা,সমাজ কৰ্মী নিৰমা বৰুৱা, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনিল কোঁচ, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া কন্দৰ্প লাহন, অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন বৰা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়া, শিক্ষক কুশল বৰুৱা, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দ্বয় বসন্ত শইকীয়া আৰু ভবেন বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° অন্নজ্যোতি গগৈ, ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ সম্পাদক জীৱন কোঁৱৰ, মাছখোৱা নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন দত্ত, কাড়াকান হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন দত্ত,শিক্ষয়ত্ৰী তথা লেখিকা বন্দনা দত্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক বীৰেন কুমাৰ কোঁৱৰ ,অৱসৰপ্ৰাপ্ত শিক্ষক গুণ কোঁৱৰ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/077ac60e-76cc-4d6e-8910-8ee6f28c3569/db8b8ca9-2fb5-432c-9b23-c98de0ec60ef.jpg)
সভাত অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখালৈ অনবদ্য অৱদান আগবঢ়োৱা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা বিশিষ্ট মহিলা নেত্ৰী অযোধ্যা পেগু, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্ট,ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোডিয়া,ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰ বৰুৱা, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দেৱ প্ৰসাদ ফুকন,ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীননাথ লাহন, ধেমাজি অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ জমদগ্নি উপাধ্যায়,ধেমাজি নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোঁহাই, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কৰৱী দেউৰী, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° উমাকান্ত শৰ্মা সহ ২১ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানৰ আঁত ধৰে অসম বিজ্ঞান সমিতিৰ ধেমাজি শাখাৰ কাৰ্য্যকৰী সভাপতি বীৰেন্দ্ৰ নাথ চেতিয়াই ৷
Also Read: চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ঃ নাই আন্তঃগাঁথনি, নাই শিক্ষক, বস্তা পাৰিয়েই শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ