/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/oppppp.jpg)
ডিজিটেল সংবাদ, ওৰাং:-গ্ৰীষ্মকালীণ বন্ধৰ পিছত মহাবিদ্যালয় সমূহ খোলাৰ প্ৰথমটো দিনতে প্ৰতিবাদত বহিল ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী। মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলে তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বিপদত পৰিছে নতুনকৈ মহাবিদ্যালয় লৈ অহা ছাত্ৰ-ছাত্ৰী সকল। ২০২১ চনত অসম চৰকাৰে অসমৰ ৩৩ খন মহাবিদ্যালয়ক প্ৰাদেশিকৰণ কৰিছিল।
৩৩ খনকৈ মহাবিদ্যালয় প্ৰাদেশীকৃত হোৱাৰ পিছতো প্ৰাদেশীকৃত কৰ্মচাৰীৰ সমহাৰত দৰমহাৰ পৰা বঞ্চিত হ'ল অনা শিক্ষক কৰ্মচাৰী সকল। ৩৩ খনকৈ মহাবিদ্যালয় প্ৰাদেশীকৃত হোৱাৰ পিছতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে বৰ্তমানো অতি কম ভাত্তাত দায়িত্ব পালন কৰি আহিছে। ঠিকাভিত্তিক কৰ্মচাৰীতৈ কম পাৰিশ্ৰমিক চৰকাৰে প্ৰদান কৰাৰ বাবে অনা শিক্ষক কৰ্মচাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হোৱাৰ অভিযোগ।
৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৃত হোৱাৰ পিছতো চৰকাৰে ষড়যন্ত্ৰ মূলক আৰু অন্যায় কৰি অনা শিক্ষক কৰ্মচাৰী সকলক নিম্নতম ভাত্তা প্ৰদান কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক কৰ্মচাৰী সকলে। অনা শিক্ষক কৰ্মচাৰী অৰ্থাৎ মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত তলাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰে।
ক'লা বেজ পৰিধান কৰি অনা শিক্ষক কৰ্মচাৰী সকলৰ মহাবিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে।অসমৰ অন্যান্য মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলক যি হাৰত দৰমহা আৰু সা সুবিধা প্ৰদান কৰা হয় সেই একেই হাৰত ৩৩ খন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলকো দৰমহা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৩৩ খনকৈ প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলে।
গ্ৰীষ্মকালীণ বন্ধৰ পিছত মহাবিদ্যালয়ৰ খোলাৰ প্ৰথমটো দিনতে এনেদেৰ কৰ্মচাৰী সকলে প্ৰতিবাদত বহিল ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলে। মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলে তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত বিপদত পৰিছে নতুনকৈ মহাবিদ্যালয় লৈ অহা ছাত্ৰ-ছাত্ৰী সকল। অতি শ্ৰীঘ্ৰে প্ৰাদেশীকৃত ৩৩ খনকৈ মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ অনুৰোধ জনাইছে ছাত্ৰ-ছাত্ৰী সকলে।
আৰু পঢ়ক: লাইপুলীয়া নৈত পৰি দুই ছাত্ৰী সন্ধানহীন…