লাইপুলীয়া নৈত পৰি দুই ছাত্ৰী সন্ধানহীন…

লাইপুলীয়া নৈত পৰি দুই ছাত্ৰী সন্ধানহীন…

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলাৰ মাছখোৱা আৰক্ষীৰ অন্তৰ্গত লাইপুলীয়া নৈত পৰি সন্ধানহীন হৈছে দুগৰাকী কিশোৰী ৷ সন্ধানহীন দুগৰাকী এজনী পঞ্চম শ্ৰেণীৰ ছাত্ৰী মনিকা সিং আনজনী অষ্টম শ্ৰেণীৰ ছাত্ৰী শিখামনি দেবী সিং ৷

লাইপুলীয়া নৈৰ মাছখোৱা চাৰিআলি হৰি মন্দিৰ ঘাটত সোমবাৰে দিনৰ প্ৰায় চাৰি মান বজাত এই ঘটনা সংঘটিত হয় ৷ অঞ্চলটোৰ ৰাইজ আৰু আৰক্ষীয়ে সন্ধানহীন ছাত্ৰী দুগৰাকীক নৈত বিচাৰি আছে যদিও এই মুহুৰ্তলৈ কোনো সন্ধান পোৱা নাই ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in