ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰঃ ক'লে আজি ৰাজনীতিৰ দিন নহয়...

ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰঃ ক'লে আজি ৰাজনীতিৰ দিন নহয়...

author-image
Asomiya Pratidin
New Update
ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰঃ ক'লে আজি ৰাজনীতিৰ দিন নহয়...

ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰঃ ক'লে আজি ৰাজনীতিৰ দিন নহয়...

ডিজিটেল ডেস্কঃ দেশৰ আইন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে কিৰেণ ৰিজিজু কেইবাটাও বিতৰ্কৰ সন্মুখীন হৈছিল। বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ একাংশ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দেশ বিৰোধী আখ্যা দি তেওঁ অধিবক্তা সমাজৰ ৰোষত পৰাৰ উপৰিও ন্যায়ালয়ে কি কৰিব বা নকৰিব, কোনো এক বিষয়ত সিদ্ধান্ত ল’ব নে নল’ব সেই বিষয়েও শ্ৰুতলিপি দিয়াৰ ধৃষ্টতা কৰি দেশৰ আইনজ্ঞৰ দ্বাৰা সমালোচিত হৈছিল।

Advertisment

সেইগৰাকী কিৰেণ ৰিজিজুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আইন মন্ত্ৰণালয়ৰ পৰা আঁতৰাই তেওঁৰ স্থানত ৰাজস্থানৰ অৰ্জুন ৰাম মেঘৱালক শেহতীয়াকৈ দায়িত্ব প্ৰদান কৰিছিল। আনহাতে কিৰেণ ৰিজিজুক কেন্দ্ৰীয় ভূবিজ্ঞান মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান কৰিছিল।

আজি অৰুণাচলৰ এই সাংসদগৰাকীয়ে ভূবিজ্ঞান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই দায়িত্ব গ্ৰহণ কৰি তেওঁ কয়, বৰ্তমান সময়ত ভূবিজ্ঞান এটা গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় মন্ত্ৰণালয়। ভূবিজ্ঞান মন্ত্ৰণালয়ত কাম কৰাৰ যথেষ্ট সুযোগ আছে।

ভূবিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰতি শৈশৱৰে পৰা তেওঁৰ যথেষ্ট আগ্ৰহ আছিল। এই বিভাগৰ মন্ত্ৰী হিচাপে তেওঁক দায়িত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰিছে। 

ইফালে বিৰোধী কংগ্ৰেছকে ধৰি সমালোচকসকলে কিৰেণ ৰিজিজুক শাস্তিমূলক ভাৱে আইন মন্ত্ৰণালয়ৰ পৰা আঁতৰাই তুলনামূলক ভাৱে গুৰুত্বহীন এই দপ্তৰৰ দায়িত্ব দিয়া বুলিও চৰ্চা চলিছে। অৱশ্যে এই সন্দৰ্ভত কিৰেণ ৰিজিজুৱে কয় যে, এয়া শাস্তি নহয় প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগীহে।

নতুন বিভাগৰ দপ্তৰ গ্ৰহণ কৰাৰ সময়ত সাংবাদিকে তেওঁক শেহতীয়াকৈ আইন মন্ত্ৰী হিচাপে তেওঁ যিসমূহ বিতৰ্কৰ সৈতে সাঙোৰ খাই পৰিল সেইসমূহৰ বিষয়ে সুধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আজি ৰাজনীতিৰ দিন নহয়। 

উল্লেখ্য যে, পূৰ্বে কেন্দ্ৰীয় যুৱ কল্যাণ আকু ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত থকা কিৰেণ ৰিজিজুক ৰবি শংকৰ প্ৰসাদৰ স্থানত আইন মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰিছিল। অতি গুৰুত্বপূৰ্ণ এই দপ্তৰৰ দায়িত্ব লাভ কৰাৰ পাছতে তেওঁ বহু কেইটা বিতৰ্কৰ সৈতে জড়িত হৈ পৰে।

Also Read: অপৰূপ সৌন্দৰ্যৰ আকৰ প্যাগডা ফুল

কিৰেণ ৰিজিজু