অপৰাধী বিচাৰি নহয়, হাতত উপহাৰ লৈ ঘৰে ঘৰে ওৰাং আৰক্ষী...

ঘৰে ঘৰে দৰিদ্ৰ জ্যেষ্ঠ লোকক হাতযোৰ কৰি উপহাৰ দিছে ওৰাং আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
অপৰাধী বিচাৰি নহয়, হাতত উপহাৰ লৈ ঘৰে ঘৰে ওৰাং আৰক্ষী...

orang

ডিজিটেল সংবাদ, ওৰাং : অপৰাধী বিচাৰি নহয়, হাতত উপহাৰ লৈ ঘৰে ঘৰে ওৰাং আৰক্ষী। ঘৰে ঘৰে দৰিদ্ৰ জ্যেষ্ঠ লোকক হাতযোৰ কৰি উপহাৰ দিছে ওৰাং আৰক্ষীয়ে। উপহাৰত আছে একোখন কৈ গৰম কাপোৰ, খাদ্যসামগ্ৰী আৰু প্ৰয়োজন হলে ওৰাং আৰক্ষীক যোগাযোগ কৰিব পৰা কৈ এখন পোষ্টাৰ।

Advertisment

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ওদালগুৰি জিলা আৰক্ষীৰ উদ্যোগত এইদৰে দৰিদ্ৰ জ্যেষ্ঠ লোকক বিশেষ উপহাৰ প্ৰদান কৰিছে ওৰাং আৰক্ষীয়ে। আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত এইদৰে অঞ্চলটোৰ দৰিদ্ৰ জ্যেষ্ঠ লোকৰ ঘৰে ঘৰে গৈ উপহাৰ প্ৰদান কৰিছে ওৰাং আৰক্ষীয়ে।‌

আৰু পঢ়ক : আৰক্ষী ক'ত ? ধনেই কাল হ'ল ! ৰঞ্জিত বৰাক হত্যা কৰি দুৰ্বৃত্তই ২.৫০ লাখ টকা লৈ গ'ল...

assam orang