আৰক্ষী ক'ত ? ধনেই কাল হ'ল ! ৰঞ্জিত বৰাক হত্যা কৰি দুৰ্বৃত্তই ২.৫০ লাখ টকা লৈ গ'ল...

পাঞ্জাবাৰীত সংঘটিত হোৱা গুলীবিদ্ধ ঘটনাত আহত ৰঞ্জিত বৰাৰ ইতিমধ্যে মৃত্যু হৈছে

author-image
Asomiya Pratidin
New Update
আৰক্ষী ক'ত ? ধনেই কাল হ'ল ! ৰঞ্জিত বৰাক হত্যা কৰি দুৰ্বৃত্তই ২.৫০ লাখ টকা লৈ গ'ল...

GUWAHATI

ডিজিটেল ডেস্ক : পাঞ্জাবাৰীত সংঘটিত হোৱা গুলীবিদ্ধ ঘটনাত আহত ৰঞ্জিত বৰাৰ ইতিমধ্যে মৃত্যু হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত সংগটিত এই ঘটনাই উদঙাই দিলে গুৱাহাটী মহানগৰীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপ। জানিব পৰা মতে, লগত এটা ধনৰ মোনা লৈ ব্যক্তিগৰাকীয়ে বেংকত প্ৰায় ২.৫০ লাখ টকা জমা দিবলৈ আহিছিল।

Advertisment

দিনৰ পোহৰতেই বাইকত অহা দুৰ্বৃত্তই ধনৰ টোপোলাটো কাঢ়ি নিবলৈ এখন গাড়ীত অহা ৰঞ্জিত বৰাৰ সৈতে টনা-টনিত লিপ্ত হৈছিল। প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে দুৰ্বৃত্তই মোনাটো কাঢ়ি নিবলৈ ৰঞ্জিত বৰাৰ মূৰলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলী বৰ্ষণ কৰিছিল।

আৰক্ষী গৈ উপস্থিত হৈ পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা চি.চি.টি.ভিৰ ফুটেজ সংগ্ৰহ কৰিছিল। ওচৰত থকা এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত লগাই থোৱা চি.চি.টি.ভিৰ পৰা এই ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও মহানগৰীত হাতত পিষ্টল লৈ দুৰ্বৃত্তই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিয়া একাধিক ঘটনা সংঘটিত হৈছিল।

ঘটনাস্থলীত গৈ উপস্থিত হোৱা আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলে পাঞ্জাবাৰীৰ ঘটনাৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। ইফালে দিন দুপৰতে গুৱাহাটীত আৰক্ষীৰ উপস্থিতি অস্তিস্বহীন হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় দৈনিক বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীকে ধৰি ভি.ভি.আই.পি সকলে অংশ লয় সেই অষ্ঠানত। তেনে নিৰাপদ বুলি ভবা স্থানত সংঘটিত হোৱা এনে ঘটনাই মহানগৰবাসীক উদিগ্ন কৰি তুলিছে।

আৰু পঢ়ক : চাপাগুৰীত খ্ৰীষ্টান ধৰ্মালম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা...

assam guwahati firing