/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/828b030e-51a1-4142-af9c-be3761b69d1e/AP_FOR_WEB_KUHIMA.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ পখিলা খেদা বয়সৰ এগৰাকী কণমানি ছাত্ৰী। নাম কুহিমা চৌধুৰী, বয়স ১০ বছৰ। জটিল ৰোগত আক্ৰান্ত এতিয়া কুহিমা। মুখ্যমন্ত্ৰীক সহায়ৰ হাত বিচাৰি কাতৰ অনুৰোধ কুহিমাৰ পৰিয়ালৰ। মাজবাটৰ কালি বাৰীৰ বিনয় চৌধুৰীৰ কন্যা কুহিমা।
মাজবাটৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী আক্ৰান্ত এক জটিল ৰোগত। কহিমাৰ উন্নত চিকিৎসাৰ বাবে অসহায় কুহিমাৰ পিতৃ-মাতৃ। Wilson Disease নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈ হাইদৰাবাদৰ AIG হস্পিতালৰ ICU ত ভৰ্তি হৈ আছে কুহিমা।
চিকিৎসকে কোৱা অনুসৰি লিভাৰ সংৰোপন কৰি উন্নত চিকিৎসা কৰিব লাগিব কহিমাৰ। লিভাৰ Transplant Wilson Disease নিৰাময় কৰি কহিমাক সুস্থ কৰি তুলিবলৈ প্ৰায় ২৫ ৰ পৰা ৩০ লাখ টকাৰ প্ৰয়োজন। কুহিমাৰ জটিল ৰোগৰ কথা জানিব পাৰি চিন্তিত হৈ পৰিছে পৰিয়াল।
চিকিৎসা কৰি ইতিমধ্যে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে কুহিমাৰ পৰিয়াল। দুৰ্ভগীয়া পৰিয়ালটোৱে কুহিমাক সুস্থ কৰি তোলাৰ বাবে অসমবাসী ৰাইজ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে পিতৃ-মাতৃৰ লগতে পৰিয়ালে।
আপোনাৰ অকণমান আৰ্থিক সহায়ে সুস্থ কৰি তুলিব পাৰে কনমানি কুহিমাক। বুকুত অদম্য সাহয় লৈ জীয়াই থকাৰ সপোন দেখা কনমানি জনীক প্ৰয়োজন এতিয়া আপোনাৰ সহায়ৰ। কোনো সুহৃদ লোকে কহিমাৰ চিকিৎসাৰ সহায় কৰিব বিছাৰিলে মাজবাট ভাৰতীয় ষ্টেট বেংক শাখাৰ Account Number- 30329811436, IFSC- SBIN0061416 নম্বৰত আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us