মৰণফান্দত পৰিণত হৈছে ওৰাং-ৰৌতা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

মৰণফান্দত পৰিণত হৈছে ওৰাঙ-ৰৌতা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

author-image
Asomiya Pratidin
New Update
মৰণফান্দত পৰিণত হৈছে ওৰাং-ৰৌতা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ

ডিজিটেল সংবাদ,ওৰাংঃ মৰণফান্দত পৰিণত হৈছে বাইহাটাৰ পৰা তেজপুৰ মিছন চাৰিআলি সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ ১৫নং ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত৷

Advertisment

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাতৰ বাবে জ্বলা কলা খাইছে ৰাইজে ৷ ইপিনে ৰৌতাৰ পৰা ওৰাঙলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত  অৱস্থাই সঘনাই ঘটিছে পথ দুৰ্ঘটনা ৷কিন্তু কানসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ৷

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাঙৰ পৰা ৰৌতালৈকে সম্প্ৰতি মৰণফান্দত  পৰিণত হৈছে ৷ ঘাইপথটো ৰৌতা ,ঝাৰগাওঁ,লালপুল ওৰাং, গেলাবিল, ধনশ্ৰীঘাট ,ছিৰাজুলি আদি ঠাইত গাতৰ সৃষ্টি হোৱাৰ লগতে জৰাজীৰ্ণ হৈ পৰিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত পথ দুৰ্ঘটনাও বৃদ্ধি পাইছে৷ ঘাইপথৰ মাজত  গাতৰ সৃষ্টি হোৱাত ঠায়ে ঠায়ে মৰণফান্দত পৰিনত হৈছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটি ৷

Also Read: মনজিৎ মহন্তৰ মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ...