দুৰ্ঘটনাত পতিত হ'ল মাজবাট আঞ্চলিক বন বিভাগৰ বাহন...

দুৰ্ঘটনাত পতিত হ'ল মাজবাট আঞ্চলিক বন বিভাগৰ বাহন...

ফলত গাড়ীখনত থকা মাজবাট আঞ্চলিক বন বিষয়াসহ আটাইকেইজন লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। আঘাত প্ৰাপ্ত বন কৰ্মী সকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়

ডিজিটেল সংবাদ, ওদালগুৰি : দুৰ্ঘটনাত পতিত হ'ল বন বিভাগৰ বাহন। মাজবাট আঞ্চলিক বন বিভাগৰ এখন বাহন দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাত আহত হয় বন বিষয়া, বিট অফিচাৰ সহ বন কৰ্মী।

ওদালগুৰি জিলাৰ মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাৰ কাষত ওৰাং-ৰূপা পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । জানিব পৰা মতে, শুকুৰবাৰে আবেলি মাজবাট আঞ্চলিক বন বিভাগৰ গাড়ীখনৰ ব্ৰেক জাম হৈ নিয়ন্ত্ৰণ হেৰুৱাই চাহ বাগিচাৰ পথৰ দাঁতিত থকা গছ এজোপাত খুন্দা মাৰে।

ফলত গাড়ীখনত থকা মাজবাট আঞ্চলিক বন বিষয়াসহ আটাইকেইজন লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। আঘাত প্ৰাপ্ত বন কৰ্মী সকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত আহত হোৱা লোক কেইজন ক্ৰমে বন বিষয়া জগদীশ বসুমতাৰী, বিট অফিচাৰ মিন্টু বড়োৰ লগতে বন কৰ্মী নকুন চন্দ্ৰ শৰ্মা, তিলক বড়ো, নাচেন টেৰণ, উপেন স্বৰ্গীয়াৰী ।

দুৰ্ঘটনাত পতিত হ'ল মাজবাট আঞ্চলিক বন বিভাগৰ বাহন...
অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in