/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d4ce6404-9068-4bf3-9799-5501f6054d0d/firing.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ দৰং আৰু ওদালগুৰি জিলাৰ সীমান্ত ওৰাঙৰ বৰঝাৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনা কৰি ধন লোট কৰাৰ প্ৰয়াস দুৰ্বৃত্তৰ। ওৰাঙৰ বৰঝাৰৰ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত গুলী চালনা কৰে তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে।
দুৰ্বৃত্তৰ দলটোৱে এখন কলা পালচাৰ বাইকত অহা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। বাইক খনৰ নম্বৰ এ এছ ২৭ আছিল বুলি জানিবলৈ দিছে স্থানীয় লোকে। SBI CSP ৰ স্বত্বাধিকাৰী আছিল ৰাহুল পাল। পিষ্টল দেখুৱাই তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে CSP চেন্তাৰত প্ৰৱেশ কৰি ৰাহুল পালক দিনটোত জমা হোৱা গ্ৰাহকৰ সকলো টকা বিছাৰিছিল।
দুৰ্বৃত্তৰ দলটো দেখি চিঞৰ বাখৰ লগাই ৰাহুল পালে। লগে লগে ৰাহুল পালৰ কাষতে থকা দোকানী ওলাই আহে ৰাহুল পালৰ চিঞৰত। তিনিজনীয়া দুৰ্বৃত্তৰ দলটোক বাধা দিবলৈ চেষ্টা কৰা দোকানীক লক্ষ্য কৰি দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰে।
কোনোমতে দুৰ্বৃত্তৰ দলটোৰ গুলীচালনাৰ পৰা ৰক্ষা পৰে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰিবলৈ ওলাই এই গৰাকী ব্যবসায়ী। লগে লগে ঘটনাস্থলীত উপস্থিত হয় দলগাওঁ আৰু ওৰাং আৰক্ষী। ইয়াৰ পিছতে ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।