৫ মাহ ধৰি অপেক্ষা পৰিয়ালৰ! ন্যায় পাব নে খিলেশ্বৰ শৰ্মাই?

৫ মাহ ধৰি অপেক্ষা পৰিয়ালৰ! ন্যায় পাব নে খিলেশ্বৰ শৰ্মাই?

ডিজিটেল সংবাদ, ওৰাংঃ পাঁচ মাহে ন্যায়ৰ পৰা বঞ্চিত ৰৌতাৰ ৮ নং ধনশ্ৰীৰ এটি পৰিয়াল। মুখ্যমন্ত্ৰীৰ সন্মুখত পুত্ৰৰ ন্যায় বিচাৰি এগৰাকী মাতৃৰ হিয়াভঙা কান্দোন। পুত্ৰৰ ন্যায়ৰ বাবে কাতৰ আহ্বান মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিলে দুৰ্ভগীয়া মাতৃক।

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলা পৰিভ্ৰমণৰ সময়তো ৰৌতাৰ মুখ্যমন্ত্ৰীৰ সন্মুখত কৰা মাতৃৰ কাতৰ আহ্বানত এই আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্ভগীয়া পৰিয়ালটোৱেও আশা প্ৰকাশ কৰিছে ন্যায়ৰ বাবে।

যোৱা ৩১ অক্টোবৰত সোণাপুৰৰ ডিচাং ৰিজোৰ্টত ৰহস্যজনক ভাৱে মৃত্যু হৈছিল ৰৌতাৰ ৮ নং ধনশ্ৰীৰ খিলেশ্বৰ শৰ্মাৰ (২৩)। আজিও আগনাবাঢ়িল খিলেশ্বৰ শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। পাচ মাহে ন্যায়ৰ অপেক্ষাত থাকিল খিলেশ্বৰ শৰ্মাৰ এই দুৰ্ভগীয়া পৰিয়ালটো। শান্তিৰাম শৰ্মাৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল খিলেশ্বৰ শৰ্মা।

খিলেশ্বৰ শৰ্মাৰ মৃত্যুৰ পিছত ঘৰখনলৈ নামি আহে ঘোৰ অমানিশা। ডিচাং ৰিজোৰ্টৰ পৰা আহি ঘৰত এটা দিন থাকি ৩০ অক্টোবৰত পুণৰ ডিচাং ৰিজোৰ্টলৈ উভতি গৈছিল খিলেশ্বৰ শৰ্মাই। অতি অমায়িক যুৱকজন আছিল অঞ্চলটোৰ অতি প্ৰিয়। খিলেশ্বৰ শৰ্মাৰ মৃত্যু সহজভাৱে লব পৰা নাই পৰিয়ালটোৱে। খিলেশ্বৰ শৰ্মাৰ মৃত্যৰ দুটা কাৰণ জনাইছিল ডিচাং ৰিজোৰ্ট কৰ্তৃপক্ষই। এবাৰ বিল্ডিঙৰ চাদৰ পৰা আৰু এবাৰ চিৰিৰ পৰা বুলি জনাইছিল খিলেশ্বৰৰ পৰিয়ালক।

ঘটনা সম্পৰ্কে খিলেশ্বৰৰ পৰিয়ালে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু খিলেশ্বৰ শৰ্মাৰ পৰিয়ালৰ অভিযোগ তদন্ত নকৰিলে আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় খিলেশ্বৰ শৰ্মাৰ পৰিয়াল। যাৰ বাবে মুখ্যমন্ত্ৰীৰ সন্মুখত খিলেশ্বৰ শৰ্মাৰ মাতৃৰ কাতৰ অনুৰোধ ন্যায় প্ৰদান কৰক খিলেশ্বৰক।

মুখ্যমন্ত্ৰীৰ আশ্বাসত ন্যায় পোৱাৰ আশা কৰিছে খিলেশ্বৰৰ পৰিয়ালটোৱে। পুত্ৰৰ ফটো বুকুত সাবটি চকুত চকুলো লৈ ন্যায়ৰ আশা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। সৰু দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান খিলেশ্বৰ শৰ্মাই ভনীয়েক ভাৰতী শৰ্মাৰ পঢ়া শুনাৰ খৰছ বহন কৰিছিল। শান্তিৰাম শৰ্মা আৰু পদ্মমায়া শৰ্মাৰ একমাত্ৰ সন্তান খিলেশ্বৰ শৰ্মাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব নে? ন্যায় পাবলৈ সক্ষম হ'ব নে খিলেশ্বৰ শৰ্মাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে সেয়া সময়ত লক্ষনীয় হ'ব।

৫ মাহ ধৰি অপেক্ষা পৰিয়ালৰ! ন্যায় পাব নে খিলেশ্বৰ শৰ্মাই?
দিল্লী-অসমঃ কোনখন নৰক,কোনখন সৰগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in