/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5c481883-997c-4281-bf8b-32762d8048d0/2.jpg)
ডিজিটেল সংবাদ, ওৰাং: ওৰাঙৰ ৪১ দিনীয়া দেৱশিশু চুৰিৰ ঘটনাৰ সৈতে জড়িত আন এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষী। মঙলবাৰে নিশা ওৰাং আৰক্ষীয়ে অভিযান চলাই মিছামাৰিৰ কলাকুছিৰ পৰা মুন্না আলম(৩৩) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
যোৱা ২৪ অক্টোবৰত ওদালগুৰি জিলাৰ ওৰাঙৰ কছাৰী ভেটিটোপ গাঁৱত সংঘটিত হৈছিল এক লজ্জাজনক ঘটনা। মাতৃৰ বুকু উদং বিছনাৰ পৰা চুৰি কৰা হৈছিল ৪১ দিনীয়া এটি দেৱশিশু। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছিল।
অৱশ্যে ঘটনাৰ ৩৬ ঘন্টাৰ ভিতৰতে ওৰাং আৰক্ষীয়ে তৎপৰতাৰে মিছামাৰিৰ কলাকুছিৰ পৰা উদ্ধাৰ কৰিছিল শিশুটিক। ঘটনাৰ সৈতে জড়িত মাফুজা খাতুন নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছিল ওৰাং আৰক্ষীয়ে। মঙলবাৰে নিশা পুনৰ আন এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰে ওৰং আৰক্ষী।
বিশেষ সূত্ৰৰ পমখেদি মিছামাৰি আৰক্ষীৰ সহযোগত ওৰাং আৰক্ষীয়ে অভিযান চলাই মিছামাৰিৰ কলাকুছিৰ ভাড়াঘৰৰ পৰা মুন্না আলম(৩৩) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি আনে। বুধবাৰে অভিযুক্তজনক আদালতত প্ৰেৰণৰ প্ৰস্তুতি চলাই ওৰাং আৰক্ষীয়ে।
Also Read: ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ সংবাদমেল