ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ সংবাদমেল

ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ সংবাদমেল

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাত এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই বছৰৰ ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱসৰ মূল বিষয়বস্তু হ'ল 'Step Up Against Stigma' (ষ্টেপ আপ এগেইনষ্ট স্তিগমা) । যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্ৰান্ত হ'ব পাৰে। প্ৰতিটো বয়সৰ ব্যক্তিৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ ধৰণৰ হয়।

২০১১ চনৰ ১৯ জানুৱাৰীৰ পৰা এই পর্যন্ত জিএনআৰচি ছয়মাইল শাখাত থকা মৃগী ৰোগ সৰ্বসেৱা কেন্দ্ৰত ২০,৪৯৮জন মৃগীৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ইয়াৰে ৯,৫৭৫জন নিয়মিত ইইজি, ৩,৫১৫জন বর্ধিত ই ই জি আৰু দীঘলীয়া সময়ৰ (অভাৰ নাইট) ইইজি ৭,৪০৮জন।

জিএনআৰচি হাস্পতালৰ ছয় মাইল শাখাৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ প্রসেনজিৎ ডেকাই সাংবাদিকসকলক সম্বোধি কয় যে “মৃগীৰোগ অভিশাপ নহয়, সৰহ সংখ্যক মৃগীৰোগীৰে চিকিৎসা সম্ভৱ। মৃগীৰোগ হ'ল মগজুৰ এক ৰোগ। আমাৰ প্ৰায় অধিকসংখ্যক লোকেই মৃগীৰোগ বুলিলে কেৱল ফিট হোৱাটোকে একমাত্র লক্ষণ বুলি ভাৱে। কিন্তু প্রকৃতাৰ্থত মৃগীৰোগ মানে কেৱল এগৰাকী ব্যক্তি ফিট হোৱাতেই সীমাবদ্ধ নহয়। আমাৰ ৰাজ্যত প্রায় ৩ লক্ষাধিক লোক মৃগীৰোগত আক্রান্ত। কিন্তু ইয়াতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অধিকসংখ্যক ৰোগীয়ে অচিনাক্ত অৱস্থাত আছে। যাৰ ফলত তেওঁলোক চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। এগৰাকী মৃগীৰোগীয়ে অন্য ১০ জন লোকৰ দৰে চাকৰি কৰিব পাৰে, খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে তথা বিয়া-বাৰু কৰাই সুস্থ জীৱন যাপন কৰিব পাৰে।”

জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ মুখ্য কাৰ্যকৰী বিষয়া ডাঃ মইনুলাৰ ৰহমানে জনাই যে ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিএনআৰচি হাস্পতালে ছামাইল শাখাত প্রতি বুধবাৰে এখনি মৃগীৰোগ চিকিৎসা ক্লিনিক আৰু এটি বিশেষ মৃগীৰোগ পেকেজৰো ঘোষণা কৰা হৈছে। এই পেকেজটোত মাথো ২৭০০ টকাতে ৰোগীয়ে ইইজি (নিয়মিত), আৰবিএছ, হিম'গ্লবিন, ক্রিয়েটিনাইন পৰীক্ষা কৰাৰ লগতে পঞ্জীয়ন আৰু স্নায়ুৰোগ চিকিৎসকৰ পৰামৰ্শও লাভ কৰিব। উক্ত পেকেজটো ১৫ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ উপলব্ধ হ'ব।

জনসাধাৰণৰ মাজত মৃগীৰোগৰ চিকিৎসা সহজলভ্য কৰি তুলিবলৈ এটি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে। এই হেল্পলাইন নম্বৰটো হ'ল- ৬৯০১২২৪৫৬২। এই হেল্পলাইন নম্বৰটোৰ সহায়ত মৃগীৰোগত আক্ৰান্ত ব্যক্তিসকলে জিএনআৰচি ছয়মাইলত উপলব্ধ মৃগীৰোগ সম্বন্ধীয় চিকিৎসা আৰু জৰুৰীকালীন সেৱাসমূহো তৎকালীনভাৱে লাভ কৰিব পাৰিব।

২০১১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে জিএনআৰচি ছয়মাইল শাখাত মৃগীৰোগৰ সৰ্বসেৱা কেন্দ্ৰটি মুকলি কৰা হৈছিল। এগৰাকী মৃগীৰোগীক সকলো সময়তে চিকিৎসা সেৱা প্ৰদান কৰিব পৰাকৈ অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত, প্রয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক তথা চিকিৎসা সহযোগীৰে সমৃদ্ধকৈ এই মৃগীৰোগ সৰ্বসেৱা কেন্দ্রটি গঢ়ি তোলা হৈছে। 'লেভেল ২' স্বীকৃতিপ্রাপ্ত এই মৃগীৰোগ সর্বসেৱা কেন্দ্ৰটিৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ ৰোগীসকলেও চিকিৎসা সেবা লাভ কৰিব পাৰিব।

জিএনআৰচি ছামাইল শাখাৰ স্নায়ুৰোগ পৰামৰ্শদাতা ডাঃ কিনজেন ৱাংডাই জনাই যে 'মৃগীৰোগৰ ৪০টাতকৈও অধিক লক্ষণ আছে। মৃগীৰোগৰ বিষয়ে চিকিৎসকৰ লগতে সর্বসাধাৰণ লোকেও মৃগীৰোগৰ লক্ষণসমূহৰ বিষয়ে জনাটো অতি গুৰুত্বপূর্ণ। চিকিৎসকৰ লগতে সৰ্বসাধাৰণ ৰাইজে মৃগীৰোগৰ লক্ষণবোৰৰ বিষয়ে সহজতে জানিব পাৰিলে ৰোগীৰ চিকিৎসাও সোনকালে সম্ভৱ হ'ব। যথোপযুক্ত পৰীক্ষা-নিৰীক্ষা আৰু সঠিক দৰৱৰ দ্বাৰা ৫ শতাংশ মৃগীৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়। আনহাতে, বাকী থকা ২৫ শতাংশ ৰোগীৰ ক্ষেত্ৰত আমি ভিডিঅ'ই ইজি, এম আৰ আই আৰু নিউৰ 'চাইক 'লজীৰ মূল্যায়নৰ সহায় লওঁ।

সংবাদমেলখনত জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মনে জনায় যে মগজুৰ একেটা অংশৰ পৰা বাৰে বাৰে চিজাৰৰ (মৃগীৰোগৰ এক লক্ষণ) উৎপত্তি হৈ থকা বুলি প্ৰমাণিত হ'লে অস্ত্ৰোপচাৰৰ দ্বাৰা সেই অংশটো কাটি পেলোৱা হয়। অস্ত্ৰোপচাৰৰ দ্বাৰা মৃগীৰোগটো বহু ক্ষেত্ৰত নিৰাময় বা নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। মৃগীৰোগৰ প্ৰকৃত উৎপত্তিস্থল আৰু কাৰণ সঠিক ৰূপত চিনাক্ত কৰিব পাৰিলেহে ৰোগী বিশেষে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়া হয়।”

বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা অস্ত্ৰোপচাৰৰ জৰিয়তে সুস্থ হৈ উঠিব পৰা ৰোগীসকলক চিনাক্ত কৰিব পাৰি। অস্ত্ৰোপচাৰৰ দ্বাৰা ১৫ শতাংশ মৃগীৰোগীক সুস্থ কৰি তুলিব পৰা যায়। মৃগীৰোগত আক্রান্ত শিশুৰ ক্ষেত্ৰত সময়োপযোগী চিকিৎসাৰ অভাৱত শিশু এটিৰ মানসিক বিকাশ বাধাগ্ৰস্ত হ'ব পাৰে বুলি জনায় জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম গোৱেলে।

জিএনআৰচি হাস্পতালৰ নিউৰ' ফিজিঅ'ল 'জী বিভাগৰ পৰামৰ্শদাতা ডাঃ মৌচুমী চক্ৰৱৰ্তীয়ে জনায় যে মৃগীৰোগ চিনাক্ত কৰিবলৈ জিএনআৰচি ছয়মাইল শাখাত বিভিন্ন প্ৰকাৰৰ ভিডিঅ' ইইজি কৰা হয়। এই ভিডিঅ' ইইজিৰ দ্বাৰাই ৰোগ চিনাক্তকৰণ কৰা হয়। ফলত এই ৰোগ চিনাক্তকৰণৰ ভিত্তিতে চিকিৎসকসকলে ৰোগীক চিকিৎসা প্ৰদান কৰাত সুবিধা হয়।

জিএনআৰচি ছয়মাইলৰ মনোবৈজ্ঞানিক বেদান্ত ফুকনে সংবাদমেলখনত উপস্থিত থাকি জনাই যে “মৃগীৰোগৰ ওপৰত থকা সমাজৰ ভ্ৰান্ত ধাৰণাসমূহ নাইকিয়া কৰি পৰিয়াল, আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীয়ে ইতিবাচক চিন্তাধাৰাৰ ৰোগীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে প্ৰদান কৰা ঔষধ নিয়মিতভাৱে সেৱন কৰি আৰু চিকিৎসকৰ লগত নিয়মিত পৰীক্ষা কৰাত ৰোগীগৰাকীক উৎসাহিত কৰিব লাগে। লগতে ৰোগীগৰাকীয়ে আনৰ নেতিবাচক মতামতলৈ গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিবেশ কৰিব লাগে। চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগীৰোগীৰ মনোবল বৃদ্ধি হোৱাত যথেষ্ট পৰিমাণে অৰিহনা যোগায়।”

জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ বিবেকানন্দ লাহনে জনায় যে 'মৃগীৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে সংবাদ মাধ্যমেই জনগণক সচেতন কৰি তোলাৰ একমাত্র মাধ্যম। ইয়ে পৰৱৰ্তী পৰ্যায়ত সমাজ নির্মাণত সহায়ক হৈ উঠিব আৰু সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য তাক সফল কৰি তুলিব।'

ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ ছয়মাইল শাখাৰ সংবাদমেল
ভৱ গোস্বামীলৈ নগাঁও সত্ৰ মহাসভাৰ 'ৰেবত চন্দ্ৰ মহন্ত স্মাৰক জীৱনজোৰা সাধনা বঁটা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in