গুৱাহাটীত ৯ বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক, বাদ পৰি ৰ'ল আপ আৰু...

শুকুৰবাৰে মহানগৰীৰ হোটেল লিলিত বিৰোধী ৰাজনৈতিক দল সমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। APCCৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত অনুষ্ঠিত হয় এই বৈঠক।
গুৱাহাটীত ৯ বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক, বাদ পৰি ৰ'ল আপ আৰু...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মহানগৰীৰ হোটেল লিলিত বিৰোধী ৰাজনৈতিক দল সমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। APCCৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত অনুষ্ঠিত হয় এই বৈঠক।

বৈঠকত অসমৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ৰাজনৈতিক দল সমূহে। মুঠ ৯ টা দলে এই বৈঠকত অংশগ্ৰহণ কৰে যদিও নিলগত ৰাখে এ আই ইউ ডি এফক।

বৈঠকত অংশগ্রহণ কৰে ভৰত নৰহ, লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, অজিত ভূঞা আদি নেতাই।

এই বৈঠকত এ আই ইউ ডি এফৰ উপৰিও নিমন্ত্রণ জনোৱা নহ’ল আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছক। ‍ ৩ ঘণ্টাজোৰা বৈঠকৰ অন্তত APCCৰ সভাপতি ভূপেন বৰাৰই এক সংবাদমেল সম্বোধন কৰে।

তেওঁ কয় যে ৯ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত হ’ব গণ অভিৱৰ্তন। ১০টা ৰাজনৈতিক দলৰ কেন্দ্রীয় আৰু তৃণমূল কৰ্মী উপস্থিত থাকিব এই অভিৱৰ্তনত।

গুৱাহাটীত ৯ বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক, বাদ পৰি ৰ'ল আপ আৰু...
ঢকুৱাখনাত সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in