ঢকুৱাখনাত সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ...

ঢকুৱাখনাত সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ...
ঢকুৱাখনাত সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ...

ডিজিটেল সংবাদ ঢকুৱাখনা: সম অধিকাৰ, সম মৰ্যাদা আৰু সম উন্নয়নৰ বাণীক মূল উপজীৱ্য কৰি গঠিত আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গনশক্তি অসমৰ ষষ্ঠ ত্রিবাৰ্ষিক সাধাৰণ অধিবেশন আৰু ভগ্নী সংগঠন সন্মিলিত নাৰী শক্তি অসমৰ তৃতীয় ত্রিবাৰ্ষিক সাধাৰণ অধিবেশনখন শুকুৰবাৰৰ পৰা ঢকুৱাখনাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । ঢকুৱাখনা টাউন তিনিআলিৰ তিতাৰাম গগৈ ক্ষেত্ৰত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা  সাধাৰণ অধিবেশনৰ  শুকুৰবাৰৰ প্ৰথম দিনা বিভিন্ন ব্লক সমিতিৰ প্ৰতিনিধিসকলৰ আগমনৰ পাছত বিয়লি কেন্দ্ৰীয় সমিতিৰ অন্তিম বৈঠক  অনুষ্ঠিত হয় ।

দলৰ সভাপতি পৰমানন্দ চায়েঙীয়া, কাৰ্যকৰী সভাপতি সুনীল পেগু , সাধাৰণ সম্পাদক পুৰুষোত্তম দলে ,হিৰণ্য দত্ত, ৰাজু খনিকৰকে প্ৰমুখ্য কৰি সমূহ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকা সুদীর্ঘ সময় ধৰি অনুষ্ঠিত বৈঠকৰ অন্তত উত্তৰ পূব ধেমাজিৰ গোঁহাই গাঁৱৰ তাই আহোম কৃষ্টি দলৰ দৃষ্টিনন্দন লাই লোম খাম নৃত্যৰে অধিবেশনৰ মঞ্চ মুকলি কৰা হয় । ইয়াৰ পাছতেই অনুষ্ঠিত হয় প্ৰতিনিধি সভা।

গণশক্তি দলৰ কাৰ্যকৰী সভাপতি সুনীল কুমাৰ পেগুৱে শুভ উদ্বোধন কৰা প্ৰতিনিধি সভাত সন্মিলিত গনশক্তি অসম  আৰু নাৰী শক্তি অসমৰ দলৰ মুঠ ২৭ খনকৈ ব্লক সমিতিৰ ২ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। জনাকীৰ্ণ প্ৰতিনিধি সভাৰ পূৰ্বেই  জে কে একাডেমি (আমগুৰি)ৰ "অসম আমাৰ ৰূপহী.. " শীৰ্ষক সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ  শ্ৰুতিমধুৰ বৃন্দগান আৰু ঢকুৱাখনাৰ বাঁহপৰা টকা বিহু দলৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় । 

উল্লেখ্য যে, শনিবাৰে দ্বিতীয় দিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব গণশক্তি দলৰ  সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। পুৱা ৯ঃ৩০ বজাত স্মৃতি তৰ্পণ কৰিব দলৰ সাধাৰণ সম্পাদক হিৰণ্য দত্তই । দুপৰীয়া প্ৰথমখন কৰ্মশালা কৃষি আৰু উদ্যান শস্য (ভোট জলকীয়া আৰু কলা চাউল)ত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব মাজুলী জিলাৰ জিলা কৃষি বিষয়া ড০ ইৰছাদ আলি, ধেমাজি জিলাৰ মহকুমা কৃষি বিষয়া ভৱজিত দলে, লখিমপুৰ জিলাৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ঘনশ্যাম দত্তই। 

দ্বিতীয়খন কৰ্মশালা " বিজ্ঞানসন্মত মীন পালন"ত সমল ব্যক্তি হিচাবে লখিমপুৰ জিলাৰ চিয়াজুলিৰ  'মধুকোলা একোৱাটিক ফাৰ্ম"ৰ স্বতাধিকাৰী বিকুল গোস্বামী , তৃতীয়খন কৰ্মশালা " ৰেচম শিল্প" ৰ সমলব্যক্তি হিচাবে ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পৰ অধীক্ষক অশ্বিনী কলিতা ,পশু পালন বিষয়ক কৰ্মশালাত সমল ব্যক্তি হিচাবে ধেমাজি জিলাৰ গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ অনিল কুমাৰ পেগু আৰু "জীৱন জীৱিকা অভিযানক আগুৱাই নিয়াত আমাৰ ভূমিকা "শীৰ্ষক কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰিব সন্মিলিত গনশক্তি অসম দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ।

বিয়লিলৈ পুনৰ আৰম্ভ হ'ব প্ৰতিনিধি সভা।  ইতিমধ্যে অধিবেশনথলীত শতাধিক স্বেচ্ছাসেৱক আৰু অভ্যৰ্থনা সমিতিৰ সহযোগিতাত সফলতাৰে শৃংখলিত ভাবে পৰিচালিত হয় প্ৰথম দিনৰ কাৰ্যসূচী । সম্পূৰ্ণ প্লাষ্টিক মুক্ত প্ৰাকৃতিক পৰিবেশত বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক কাৰ্যসূচী সন্নিবিষ্টকৰনেৰে সাফল্যমণ্ডিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈছে অভ্যৰ্থনা সমিতি। 

উল্লেখ্য যে, এই অধিবেশনতেই গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি দুখন পুনৰ গঠন হব ।

ঢকুৱাখনাত সন্মিলিত গণশক্তি আৰু নাৰী শক্তি অসমৰ কেন্দ্ৰীয় অধিবেশন আৰম্ভ...
ৰাইজৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in