/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/b5f8d68f-0446-41b6-809e-f1f29d538fbc/11.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কন্যকাৰ অতিথিশালাত শুকুৰবাৰৰ নিশাতো জিৰণি লোৱাৰ পিচত শনিবাৰে পুৱাই মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাই কন্যকা নামঘৰত আঠুলৈ সেৱা লয়৷ ইয়াৰ পিছতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মানস পুত্ৰ তথা তেওঁৰ পোহনীয়া হাতী 'ৰামু'ক নিজহাতে কল খুৱাই সন্তুটি লাভ কৰে৷ ইফালে আঠ বছৰ পূৰ্ব্বে কন্যকা নামঘৰ চৌহদত মূখ্যমন্ত্ৰী গৰাকীয়ে নিজহাতে ৰোপন কৰি থৈ যোৱা তথা বৰ্তমান গছে পাতে জাতিষ্কাৰ হৈ পৰা এজোপা নিম গছৰ তলতো ক্ষন্তেক জিৰাই স্মৃতি ৰোমন্থন কৰে৷ পিছত ৯-৩০ বজাৰ পৰা 'কন্যকা বহুমূখী পাম’ খন পৰিদৰ্শন কৰি ইয়াত পোহ পালন কৰা গৰু, মহ, ছাগলী, লেয়াৰ ফাৰ্ম আদিকে ধৰি বিভিন্ন ফাৰ্ম সমুহ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0cd7e843-57a9-4e07-b9fe-04f5208a7bcd/423005214_959925218830512_6732685019094756487_n.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7b456f27-5539-4bfd-af96-d89442127521/421581187_959925302163837_5965487298812892044_n.jpg)
দুদিনীয়া কাৰ্যসূচীৰে নদুৱাৰ সমষ্টি ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে পুৱাৰ ভাগত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক লগত লৈ পৰিদৰ্শন কৰে জীয়া ভৰলীৰ পাৰৰ 'কন্যকা'ৰ বুকু। মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষি পামখন পৰিদৰ্শন কৰাৰ লগতে 'কন্যকা'ৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰে৷ ইয়াৰ মাজতে কন্যকাৰ সুস্বাদু বগৰী গছৰ তলত গাড়ীৰ পৰা নামি গৈ নিজহাতে সুস্বাদু বগৰি চিঙি খোৱাও পৰিলক্ষিত হয়৷ ওভতি আহি মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাই সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ পল্লৱলোচন দাসক লগত লৈ কন্যকাৰ শিশু উদ্যানত চাহমেল অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাৰ মাতৃৰ হাতৰ পৰা 'কন্যকা’ বহুমুখী পামত উৎপাদিত সামগ্ৰী সমূহৰ টোপোলা উপহাৰ হিচাপে গ্ৰহন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1bf24c5c-19e8-4b58-a38a-27b9dec317e2/422967545_959925325497168_20015246178683113_n.jpg)
ইয়াৰ পিছতে মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাই কন্যকা বহুমূখী পামত সভা সমিতি অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা এটি বিশাল সভা ভৱনৰো শুভ উদ্বোধন কৰে৷ ইয়াৰ পিছতে মূখ্যমন্ত্ৰী গৰাকীয়ে জামুগুৰিহাটৰ চকীঘাটত অসম চৰকাৰে ১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা আইন মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে৷ অনুষ্ঠানটিত বিধায়ক সকল ক্ৰমে পৃথিৰাজ ৰাভা,কৃষ্ণ কমল তাতি,গনেশ লিম্বু , প্ৰমোদ বৰঠাকুৰ , পদ্ম হাজৰিকা আৰু জিলা প্ৰশানৰ উচ্চপদস্থ বিষয়াকে ধৰি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷
Also Read: ২৬ জানুৱাৰী উপলক্ষে মহানগৰীৰ ’ডি কেভ’ ৰেষ্টুৰাত কেক প্ৰতিযোগিতা