কাজিৰঙাৰ কাঞ্চনজুৰিৰ আটাইতকৈ ডাঙৰ এনিমেল কৰিডৰটো আপুনি আৰু কেশৱ মহন্তই দখল কৰা নাইনে : অখিল গগৈ

কাজিৰঙাৰ কাঞ্চনজুৰিৰ আটাইতকৈ ডাঙৰ এনিমেল কৰিডৰটো আপুনি আৰু কেশৱ মহন্তই দখল কৰা নাইনে : অখিল গগৈ

ডিজিটেল সংবাদ, কাজিৰঙা : "মুখ্যমন্ত্ৰী মহোদয় মই আপোনাক সুধিব খুজিছো যে কাজিৰঙাৰ নগাঁও জিলাৰ অন্তৰ্গত কাঞ্চনজুৰিৰ আটাইতকৈ ডাঙৰ এনিমেল কৰিডৰটোত আপুনি আৰু কেশৱ মহন্তই দখল কৰা নাইনে ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাঞ্চনজুৰিত চাহ বাগিচা বনাই এনিমেল কৰিডৰ কোনে বেদখল কৰিলে ?" শিলসাঁকোৰ উচ্ছেদকলৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ।

মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি প্ৰশ্ন যে, কাঞ্চনজুৰিৰ বাগিচাৰ মাজেৰে যোৱা পি ডব্লিউ ডি পথৰ ওপৰতে ডাঙৰ গেট আপুনি কেনেকৈ বনালে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকাৰে পৰা বৰ্তমান চৰকাৰলৈকে কিমানবাৰ সেই পথটো নিৰ্মাণ কৰা হ’ল বুলিও প্ৰশ্ন অখিল গগৈ ৷ বন্যপ্ৰাণী অহা যোৱা কৰা পথত বাধাৰ সৃষ্টি কৰি গৃহমন্ত্ৰীৰ পুত্ৰ থাকিব পৰাকৈ কাঞ্চনজুৰি চাহ বাগিচা চৌহদত নিৰ্মান কৰা আট্টালিকাটো ভাঙি প্ৰকৃতি প্ৰেমীৰ পৰিচয় ডাঙি ধৰাৰ আহ্বান অখিল গগৈৰ ৷

লগতে, শিলসাঁকোত নিৰ্মান কৰা ৰয়েল প্লাজা এপাৰ্টমেণ্ট কাৰ বুলিও মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন অখিল গগৈৰ ৷ হিমৎচিংকাৰ ১৭ মহলীয়া আট্টালিকাৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ঘৰ উচ্ছেদৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰৱতাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন অখিল গগৈৰ ৷ শেহতীয়াকৈ তিনিদিন ধৰি শিলৰসাকোঁত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে। অখিল গগৈৰ মন্তব্য স্মাৰ্ট চিটিৰ নামত কেন্দ্ৰ চৰকাৰৰ পৰা আৱন্তিত ৩৫০ কোটি টকা ভাগবতৰা কৰাৰ বাবেই শিলসাঁকোৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ ৷ কেতিয়াবা মুছলমান, কেতিয়াবা পুজিপতি, কেতিয়াবা কোনো প্ৰজেক্টৰ নামত ধন আহিলে উচ্ছেদ আৰম্ভ কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই গুজৰাট আৰু আহমেদাবাদৰ ক্ৰমে গোপী তালাপ আৰু কনকৰীয়া নামৰ হ্ৰদৰ আৰ্হিৰ ফটো গুগলৰ পৰা চুৰি কৰি আনি শিলসাঁকোৰ আঁচনি বুলি জনসাধাৰণক আভুৱা ভাৰিব বিচাৰিছে ৷ এনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰতি অখিল গগৈৰ আহ্বান সময় থাকোতেই সকলো বন্ধ কৰক ৷ অন্যথা জনসাধাৰণে সময়ত ইয়াৰ বিচাৰ কৰিব ৷

কাজিৰঙাৰ কাঞ্চনজুৰিৰ আটাইতকৈ ডাঙৰ এনিমেল কৰিডৰটো আপুনি আৰু কেশৱ মহন্তই দখল কৰা নাইনে : অখিল গগৈ
আজি তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল... কোনে মাৰিব শেষ হাঁহি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in