আজি তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল... কোনে মাৰিব শেষ হাঁহি

আজি তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল... কোনে মাৰিব শেষ হাঁহি

ডিজিটেল ডেস্ক : আজি ঘোষণা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা । যোৱা ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ ৫৯ খন আসন কাৰ দখললৈ যাব সেই লৈ এতিয়া ব্যাপক কল্পনা জল্পনা । ভোটফেৰৎ সমীক্ষা মতে ৰাজ্যখনত এইবেলিও নেচনেল পিপলছ পাৰ্টী (এন পি পি)য়ে অধিক আসন লাভ কৰিব । ৬০ খন আসনৰ মাজত এন পি পি য়ে ১৮ ৰ পৰা ২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । বিজেপিয়ে ত্ৰিপুৰা আৰু নাগালেণ্ডত পাব ৮-৮ খনকৈ আসন । আনহাতে, কংগ্ৰেছ জয়ী হ'ব ৬-১২ খন আসনত । তদুপৰি তৃণমূল কংগ্ৰেছে লাভ কৰিব ৫-৯ খন আসন ।

ইয়াৰ ওপৰিও মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনাৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ১২খন জিলাত ১৩টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে । সকলো ই ভি এম মেছিল ষ্ট্ৰং ৰূমত তিনি তৰপীয়া ব্যৱস্থাৰ মাজত ৰখা হৈছে ।

উল্লেখ্য যে, মেঘালয় আৰু নাগালেণ্ডত ভোটদানৰ সময়ত দেখা গৈছিল বৰ্তমানলৈ সৰ্বাধিক ভীৰ । ৰাজ্যদুখনত পৰিৱৰ্তন আনিবলৈ যে সকলো সাজু সেই কথ‍া ইতিমধ্যেই প্ৰমাণিত হৈছে । তেনেস্থলত এতিয়া অপেক্ষা মাথো ফলাফল ঘোষণালৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in