আম্বানিলৈ মুকলি চিঠি জ্যেষ্ঠ অধিবক্তা কুন্তলা দাসৰ...

আম্বানিলৈ মুকলি চিঠি জ্যেষ্ঠ অধিবক্তা কুন্তলা দাসৰ...

ডিজিটেল ডেস্ক : অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান বৰ্তমান পূজিঁপতিৰ হাতোৰাত বন্দী । চিৰিয়াখানাৰ দ্বায়িত্বত থকা জিলা বন বিষয়া অশ্বিনী কুমাৰৰ নেতৃত্বত দেশৰ ধনাঢ্য উদ্যোগপতি আম্বানিৰ ৰিলায়েঞ্চৰ ব্যক্তিগত চিৰিয়াখানালৈ লৈ যোৱা হ'ল এন্ধাৰৰ সুযোগ লৈ । এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা তথা অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ কুন্তলা ডেকাই আম্বানিলৈ প্ৰেৰণ কৰিছিল এখনি মুকলি চিঠি –

প্রথমে মই আপোনাক মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি মোক চিনি নাপায় আৰু মোক চিনি পোৱাৰ কোনো প্রয়োজনো নাই। মই অসমৰ এগৰাকী ৭০ৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠা মহিলা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা। বর্তমান বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হিচাপে বিশ্বৰ অগণন জনগণৰ সৈতে আপুনি মোৰ ওচৰত অতি পৰিচিত আৰু ভাৰতৰ নাগৰিক হিচাপে আমি গৌৰৱাম্বিত।

কিন্তু আজি কিছুদিনৰ পৰা আমাৰ অসমৰ কিছুমান অনাকাংক্ষিত ঘটনাৰ লগত আপোনাৰ নামটো জড়িত হৈ পৰাত মইঅ আপোনালৈ এই চিঠিখন লিখিবলৈ প্রয়োজনবোধ কৰিলোঁ।

আমাৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত থকা একমাত্ৰ ৰাজ্যিক চিৰিয়াখানাত সংৰক্ষিত কৰি ৰখা বহুতো দুষ্প্রাপ্য জীৱ-জন্তুক আপোনাৰ ব্যক্তিগত চিৰিয়াখানালৈ বে-আইনীভাৱে লৈ যোৱা হৈছে বুলি অসমৰ জনগণে মর্মান্তিক দুঃখ পাই প্রতিবাদ সাব্যস্ত কৰি এই কাম অতি নিন্দনীয় বুলি প্ৰকাশ কৰিছে। তদুপৰি এই জীৱ- জন্তুবিলাকৰ কিছুমানৰ মৃত্যু হোৱা বুলিও বাতৰি কাকতত প্ৰকাশ পাইছে।

অতি দুখৰ বিষয় যে, চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী বিষয়াৰ হতুৱাই মাজৰাতি জীৱ-জন্তুবোৰক অসমৰ জনসাধাৰণক অজ্ঞাতে ৰাখি চালান দিবলৈ ওলোৱাটো অতি দূর্ভাগ্যজনক। কিন্তু অসমৰ জনগণৰ বন্যপ্ৰাণীৰ প্ৰতি থকা মৰমৰ বাবে অসমৰ জনগণৰ হৈ অসমৰ চিৰিয়াখানা সুৰক্ষা মঞ্চই মাজৰাতিলৈ পহৰা দি হ'লেও প্ৰতিবাদ সাব্যস্ত কৰিছে, যাতে অসমৰ জনগণৰ অতি আদৰৰ আপুৰুগীয়া এই ৰাজ্যিক চিৰিয়াখানাৰ বন্য জীৱ- জন্তুবোৰক সংৰক্ষিত কৰি ৰাখিব পাৰে। আপুনি জানি সুখী হ'ব যে, চিৰিয়াখানাৰ ওচৰৰ বাসিন্দাসকলে (Neighbouring people) চিৰিয়াখানাৰ পৰা দূর্ভাগ্যজনকভাৱে জনাঞ্চললৈ হৰিণা আদিকে বিভিন্নধৰণৰ জীৱ- জন্তু হঠাৎ ওলাই আহিলে সেইবোৰ তেওঁলোকে পুনৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰে।

অসমৰ বহুল প্ৰচাৰিত “অসমীয়া প্ৰতিদিন” ৰ বাতৰি কাকতৰ ৯ ডিচেম্বৰ, ২০২২ তাৰিখে প্ৰকাশিত বাতৰি “নিঃশেষ হোৱাৰ দিশে ৰাজ্যিক চিৰিয়াখানা” বাতৰিটোত সবিষাৰে লিখিছে কেনেকৈ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা "Central Zoo Authority" (চেন্ট্ৰেল জু অথৰিটীৰ নীতি-নির্দেশনাক) অমান্য কৰি নিশাৰ ভিতৰতে অতি গোপনে ২ টা হাতী পোৱালি, ২০ টা বান্দৰ আৰু ১৫ টা হৰিণ চৰকাৰী উচ্চ পদস্থ বিষয়াৰ দ্বাৰা দুখন ট্রাক আৰু দুখন চাৰিচকীয়া বাহনেৰে তিৰ্পালেৰে ঢাকি নীতি বহির্ভূতভাৱে আম্বানিৰ চিৰিয়াখানালৈ স্থানান্তৰ কৰাত চিৰিয়াখানাৰ সুৰক্ষা মঞ্চই নিশাই বাট আগচি বাধা প্ৰদান কৰে যদিও সংগঠনটোৰ সদস্যসকলক বন বিষয়া আৰু বনকৰ্মীয়ে দুব্যৱহাৰ কৰে। আনকি মঞ্চৰ এগৰাকী মহিলা সদস্যক 'ডি অফ অ'জনে অশালীন ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃত্বই।

এতিয়া কথা হ'ল আপোনাৰ কোনোবা কৰ্মচাৰীয়ে নিজৰ ব্যক্তিগত স্বাৰ্থত বা আন যিকোনো কাৰণত আপোনাক আন্ধাৰত ৰাখি এনে দুষ্কাৰ্য্য আৰু নিন্দনীয় কাৰ্য্য সম্পাদন কৰিছে নেকি? তেতিয়াহ'লে মইৰ ভাবো আপোনাৰ নিচিনা সন্মানীয় উচ্চ পদস্থ থকা ব্যক্তিয়ে সেইটো অতি সোনকালে অনুসন্ধান কৰি উলিয়াই দোষী ব্যক্তিক যথোচিত শাস্তি দি আমাৰ এই একমাত্ৰ অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুবোৰ ঘূৰাই পঠিয়াওঁক । অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানাৰ নিমাখিত জীৱ-জন্তুৰ সন্দৰ্ভত হোৱা ঘটনাই আমাৰ এই সৰু ৰাজ্য অসমৰ জনগণক অতি ব্যথিত কৰিছে আৰু অসমক ভাল পোৱা, অসমৰ প্ৰতি দায়বদ্ধতা থকা সকলোকে আতংকিত কৰি তুলিছে।

মই এইখিনিতে মোৰ জীৱনৰ এটা কথা উল্লেখ কৰিব বিচাৰিছো। ইং ১৯৭৫ চনত মোৰ চাকৰি ইস্তাফা দিয়াৰ পিছত যেতিয়া ব্লু ১৯৮০ চনত মইত প্ৰথমবাৰলৈ জানিছিলো যে চৰকাৰী চাকৰি কৰা মহিলাই ঘোচ(Illegal gratification), মইল নিজেই হতবাক আৰু অত্যন্ত ব্যথিত হৈছিলো মহিলাৰ স্খলন দেখি। মই অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ হৈ ১৯৭১ চনৰ জানুৱাৰীত চাকৰিত যোগদান কৰিছিলো। কিন্তু প্ৰায় চাৰে চাৰি বছৰ চাকৰি কৰি মোক গুৱাহাটীৰ পৰা ৭৫ মাইল দূৰৰ নগাওঁলৈ বদলি কৰা সুযোগতে চাকৰি ইস্তাফা দিছিলো কাৰণ সেই সময়ত ন্যায়িক দণ্ডাধীশৰ মাহিলি দৰমহা আজিৰ তুলনাত বহুত কম আছিল আৰু কোৱাৰ্টাৰ আদি আনবোৰ সুবিধাও আজিৰ দৰে নাছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশে মোক সেই চাকৰি নিজেই মাতি নি দিছিলে, আৰু মইও সেই চাকৰি অত্যন্ত নিষ্ঠা আৰু সততাৰে কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে মোৰ ইস্তফা কোনোপধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ে মানি লোৱা নাছিল; আৰু মোক সোনকালে মান দিব বুলি কৈ চাকৰিৰ ইস্তাফা পত্ৰখন উঠাই ল'বলৈ কৈছিলে। মোৰ সম্বন্ধীয় আৰু মোৰ শুভাকাঙ্খী ব্যক্তিসকলেও মোক চাকৰি ইস্তফা দিবলৈ মানা কৰিছিল। কিন্তু মই এটা কথা বুজিছিলো যে এটা বদলি সংক্রান্তত চাকৰিত মইক বদলি হৈ অসমৰ যিকোনো ঠাইলৈ যাবই লাগিব গতিকে মোৰ কাৰণে সেই দৰমহাত চাকৰিকৰণত বহুত বাধা আহিব, গতিকে মইি চাকৰি ইফা ঘূৰাই নল'লো আৰু শেষত উচ্চ ন্যায়ালয়ে মোৰ ইফা মানি ল'লে আৰু চৰকাৰলৈ প্ৰেৰণ কৰিলে।

আপোনাৰ স্থানত থকা ব্যক্তি এজনে এনেকুৱা দুষ্কাৰ্য্য আৰু গর্হিত কামৰ লগত জড়িত থাকিব পাৰে বুলি মই নিজেও বিশ্বাস কৰিবলৈ টান পাইছো। সেয়েহে এই বিষয়ে আমি আপোনাৰ পৰা সঁচা কথাটো অতি সোনকালে জানিবৰ কাৰণে আশাৰে বাট চাই ৰ'লোঁ।

শ্ৰদ্ধা আৰু শুভ ইচ্ছাৰে - ( কুন্তলা ডেকা) চানমাৰি, গুৱাহাটী - ৭৮১০০৩ ফোন : ৯৮৩৫০-৪৭৩৮১

I am writing you this letter in Assamese and I hope if you do not know Asssamese you can easily take help of a person for translating the same to you, because at this my advanced age. I prefer to write you in my mother language only. kumntala Deka Chandmari, Guwahati

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in