গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত অধ্যাপকৰ পৰা লুটিলে লাখ টকা…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত অধ্যাপকৰ পৰা লুটিলে লাখ টকা…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত অধ্যাপকৰ পৰা লুটিলে লাখ টকা…

ডিজিটেল ডেস্ক: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অনলাইন প্ৰৱঞ্চক চক্ৰ। এই চক্ৰৰ কবলক পৰি বহু লোক প্ৰৱঞ্চনাৰ সন্মুখীন হ'ব লগীয়া হৈছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নাম লৈ জাল পেলাইছে এই চক্ৰই।

Advertisment

বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকৰ পৰা উপাচাৰ্যৰ নাম লৈ লুটিলে লাখ লাখ টকা। ভুগোল বিজ্ঞান বিভাগৰ অধ্যাপক অনুপ শইকীয়াই সন্মুখীন হয় এই প্ৰৱঞ্চনাৰ।

উল্লেখ্য যে, ১৪ আগষ্টৰ দিনা ৭৭২২৯৯১৮৩৬  নম্বৰৰ পৰা অধ্যাপক গৰাকীলৈ হোৱাটচ এপত মেছেজ আহিছিল। উক্ত মেছেজ সমূহত সহায় বিচাৰিছিল অধ্যাপক গৰাকীৰ পৰা আৰু এমাজন  পেৰ গিফ্ট কুপন ক্ৰয় কৰাৰ কথা কৈছিল।

উপাচাৰ্যৰ নাম লৈ অহা বাবে প্ৰায় লাখ টকাৰ কুপন ক্ৰয় কৰিছিল অধ্যাপক গৰাকীয়ে। কিন্তু বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ তৰফৰ পৰা অহা এটা সতৰ্কতামূলক মেছেজত স্পষ্ট হয় সকলো।

ঘটনা সংঘটিত হোৱাৰ আগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এটা মেইল কৰিছিল যদিও এই মেইল খুলি চোৱা নাছিল অধ্যাপক গৰাকীয়ে। যাৰ বাবে লাখ টকা হেৰুৱাব লগা হয় অধ্যাপক গৰাকীয়ে।ঘটনা সন্দৰ্ভত অধ্যাপক গৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

আৰু পঢ়ক: গনেশগুৰিৰ পৰা কিশোৰী অপহৰণ কাণ্ডৰ মূল অভিযুক্ত ছাকিৰ হুচেইন আৰক্ষীৰ জালত…

assam gauhati university guwahati Assam police