গনেশগুৰিৰ পৰা কিশোৰী অপহৰণ কাণ্ডৰ মূল অভিযুক্ত ছাকিৰ হুচেইন আৰক্ষীৰ জালত…

গনেশগুৰিৰ পৰা কিশোৰী অপহৰণ কাণ্ডৰ মূল অভিযুক্ত ছাকিৰ হুচেইন আৰক্ষীৰ জালত…

ডিজিটেল ডেস্ক: গুৱাহাটীৰ গণেশগুৰিৰ পৰা কিশোৰী অপহৰণ কাণ্ডৰ মূল নায়ক আৰক্ষীৰ জালত ৷ ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীপাৰাৰ পৰা আটক হৈছে অপহৰণ কাণ্ডৰ মূল নায়ক ছাকিৰ হুছেইন ৷

উল্লেখ্য যে, ২৪ জুলাইত গুৱাহাটীৰ গণেশগুৰিৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীপাৰাৰ ছাকিৰ হুছেইনে অপহৰণ কৰিছিল ১৪ বছৰীয়া এগৰাকী কিশোৰীক ৷

অপহৰণ কৰি ছাকিৰ হুছেইনে নাবালিকা কিশোৰী গৰাকীক লৈ গৈছিল বহিঃৰাজ্য তামিলনাডুলৈ ৷ ২৬ জুলাইত দিছপুৰ থানাত দিয়া এজাহাৰৰ পিছতে আৰক্ষীয়ে চলাইছিল অপহৰণকাণ্ডৰ তদন্ত ৷

আৰক্ষীৰ তদন্তত নাবালিকা অপহৰণ কাণ্ডৰ মূল নায়ক গৰৈমাৰীৰ হাতীপাৰাৰ নিজগৃহৰ পৰা হাতীপাৰাৰ গাঁও প্ৰধানৰ সহযোগত গৰৈমাৰী আৰক্ষীয়ে আটক কৰে ছাকিৰ হুছেইনক ৷ ধৃত ছাকিৰ হুছাইনক গৰৈমাৰী আৰক্ষীৰ পৰা দিছপুৰ আৰক্ষীয়ে দেওবাৰে নিশা চমজি লয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in