বাবু আহিল, বৃদ্ধি হ’ল কাজিৰঙাৰ হস্তীবাহিনীৰ সদস্যৰ সংখ্যা

বাবু আহিল, বৃদ্ধি হ’ল কাজিৰঙাৰ হস্তীবাহিনীৰ সদস্যৰ সংখ্যা

ডিজিটেল সংবাদ, কাজিৰঙা : বাবু আহিল ৷ বৃদ্ধি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হস্তীবাহিনীৰ সদস্যৰ সংখ্যা ৷ উল্লেখ্য যে অবৈধ ভাৱে ব্যৱসায়ত নিয়োগ কৰা বাবু নামৰ হাতীটো কিছুদিন পূৰ্বে জব্দ কৰে যোৰহাটৰ বন বিভাগে ৷ জব্দ কৰা হাতীটোৰ সন্দৰ্ভত বন বিভাগে আদালতত দিয়া গোচৰৰ ভিত্তিত হাতীটো চোৱাচিতাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে আদালতে ৷

আদালতৰ নিৰ্দেশ মৰ্মে কাজিৰঙালৈ অনা হয় বাবু নামৰ হাতীটো ৷ইতিপূৰ্বে বিভিন্ন স্থানৰ পৰা জব্দ কৰা তিনিটা হাতীৰ চোৱাচিতাৰ দায়িত্ব পালন কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ইয়াকে ধৰি কহঁৰা বনাঞ্চলত থকা ৩৩ টা পোহনীয়া হাতীৰ সংগী হৈ পৰিল বাবু ৷ ৩৪ টালৈ বৃদ্ধি হ’ল কহঁৰা বনাঞ্চলৰ পোহনীয়া হাতীৰ সংখ্যা ৷

বাবু আহিল, বৃদ্ধি হ’ল কাজিৰঙাৰ হস্তীবাহিনীৰ সদস্যৰ সংখ্যা
যেতিয়া কলমৰ সলনি বন্দুক ধৰিব লগীয়া হয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in