জুৰীয়াত ভয়ংকৰ ঘটনাঃ শিক্ষাৰ্থীকে ধৰি ৯ বাটৰুৱাৰ ওপৰেৰে চলাই নিলে গাড়ী...

জুৰীয়াত ভয়ংকৰ ঘটনাঃ শিক্ষাৰ্থীকে ধৰি ৯ বাটৰুৱাৰ ওপৰেৰে চলাই নিলে গাড়ী...

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

জুৰীয়াত ভয়ংকৰ ঘটনাঃ শিক্ষাৰ্থীকে ধৰি ৯ বাটৰুৱাৰ ওপৰেৰে চলাই নিলে গাড়ী...

ডিজিটেল ডেস্কঃ জুৰীয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কেইবাজনো লোকৰ ওপৰেৰে চলাই নিলে বাহন। সাধাৰণ এক কাজিয়াৰ পৰাই সংঘটিত হৈছে এই ঘটনা।

Advertisment

প্ৰাৰম্ভিক খবৰ অনুসৰি জুৰীয়াৰ বাটমাৰীত সংঘটিত হৈছে এই ঘটনা। মাইনুল নামৰ এজন লোকে সংঘটিত কৰিছে এই ঘটনা।

সাধাৰণ এক কাজিয়াৰ পাছতে পথৰ বাটৰুৱাৰ ওপেৰেৰে চলাই নিয়ে এখন বাহন। ফলত ৯ জনকৈ লোক আহত হৈছে। আহতসকলৰ ভিতৰত আছে শিক্ষাৰ্থীও। আহতসকলৰ ভিতৰত দুজনক দগাওঁ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰখাৰ বিপৰীতে সাতজনক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

আহতসকলৰ ভিতৰত আছে শিক্ষাৰ্থী শ্বাহাজাদা ইফতিকাৰ হুছেইন, ৰেকিবুল হুছেইন, আবু শ্বৰীফ। ইফালে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা এগৰাকী ছাত্ৰীৰ লগতে আন আহতসকলৰ নাম এতিয়াও জানিব পৰা নাই।

ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্য। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সংঘটিত কৰা মাইনুল হক নামৰ লোকজনক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

Also Read: কাজিৰঙাত বিকল ছেনছৰ কেমেৰাঃ সাজু পৰিবহন বিভাগৰ এনফৰ্চমেণ্ট টীম...

অপৰাধ