মাতৃ সন্তানৰ অন্তৰংগতাৰ বহিৰ্প্ৰকাশ, প্ৰশিক্ষণ প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ...

মাতৃ সন্তানৰ অন্তৰংগতাৰ বহিৰ্প্ৰকাশ, প্ৰশিক্ষণ প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ...

ডিজিটেল সংবাদ, কাজিৰঙা : মাতৃ সন্তানৰ অন্তৰংগতাৰ বহিৰ্প্ৰকাশ ৷ কেমেৰাত বন্দী হ’ল অসম গৌৰৱ এশিঙীয়া গঁড়ৰ মাতৃ সন্তানৰ নিবিড় মূহুৰ্ত ৷ মৰম আকলুৱা সন্তানক মাতৃ স্নেহে উপচাই দিয়াৰ মনোৰম দৃশ্য বন্দী হ’ল টুৰিষ্ট গাইড বিকি পাৰিকৰ কেমেৰাত ৷ পৰ্যটকেও উপভোগ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হিয়া জুৰ পেলোৱা এই বিশেষ দৃশ্য ৷

বিজ্ঞজনৰ মতে গঁড়ে সাধাৰণতে জাকৰ সলনি বিচৰণ কৰে অকলশৰে ৷ কাজিৰঙা বা পবিতৰাত গঁড়ক কেতিয়াবা জাকৰ মাজত দেখা পোৱা গ’লেও সেয়া ক্ষণিকৰ বাবেহে ৷ তেনেদৰে সন্তানৰ লালনপালনৰ ক্ষেত্ৰতো এককভাৱেই দায়িত্ব পালন কৰে গঁড়ে ৷ প্ৰায় তিনিবছৰ বয়স পৰ্যন্ত লগত থকা সন্তানক পৰিবেশ পৰিস্থিতিত খাপ খাব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰে মাতৃয়ে ৷ টুৰিষ্ট গাইড বিতোপন কলঙৰ মতে মাতৃয়ে সন্তানক প্ৰকৃতিৰ সৈতে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷

মাতৃ সন্তানৰ অন্তৰংগতাৰ বহিৰ্প্ৰকাশ, প্ৰশিক্ষণ প্ৰকৃতিৰ সৈতে জীয়াই থকাৰ...
আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ প্ৰখ্যাত খেলুৱৈ চাৰ্জিঅ' ৰামোছৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in