আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ প্ৰখ্যাত খেলুৱৈ চাৰ্জিঅ' ৰামোছৰ

আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ প্ৰখ্যাত খেলুৱৈ চাৰ্জিঅ' ৰামোছৰ

ডিজিটেল ডেস্ক : স্পেইনৰ বৰ্তমান সময়ৰ অন্যতম ডিফেণ্ডাৰ চাৰ্জিঅ' ৰামোছে ল'লে আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ । আক্ৰমণাত্মক শৈলীৰে প্ৰতিপক্ষৰ দিশে বিজুলী বেগেৰে আগুৱাই অহা ৰামোছ আছিল গৰিষ্ঠসংখ্যক ফুটবলাৰৰ বাবেই এক সন্ত্ৰাস । ৰামোছৰ জালত পৰিল মানেই বল পেনাল্টী বক্সৰ ভিতৰলৈ লৈ যোৱাতো এক প্ৰকাৰৰ অসম্ভৱ আছিল বহু ফুটবলাৰৰ বাবে । কেৱল গ'ল কৰায়েই নহয় বৰং নিজকো বচাব লাগিব ৰামোছৰ পৰা । এই দুয়ো চিন্তাৰ মাজতেই এটাও সফল হৈ নুঠে খেলুৱৈগৰাকীৰ বাবে । ৰামোছে চোচা লোৱাৰ পাচ মুহুৰ্ততেই খেলপথাৰত বাগৰি পৰিব খেলুৱৈগৰাকী । আশ্চৰ্যকৰ ভাৱে সেইয়া ফাউল ও নহয় । কিয়নো ৰামোছে জানে কোন সময়ত আক্ৰমণ কৰিব লাগে প্ৰতিপক্ষক ।

এটা সময়ৰ ইটালী আৰু জাৰ্মানীৰ ক্লাবসমূহে খেলা আক্ৰমণাত্মক শৈলীৰ ডিফেণ্ডিঙক এক নতুন ৰূপ দিছিল এইগৰাকী জ্যেষ্ঠ খেলুৱৈয়ে । ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰো সদস্য আছিল ৰামোছ । এফালে ৰামোছ, মাজত পিকে আৰু পুয়ল আৰু আনফালে কেপদেভিলা । কিম্বদন্তী কেছিলাছলৈ বল গৈ নাপায়েই কোনোপধ্যেই ।

অৱশ্যে স্পেনিছ দলটিৰ এগৰাকী অন্যতম খেলুৱৈ ৰূপে বিদায় ল'লেও সুখকৰ নহ'ল বিদায়ৰ পূৰ্বৰ মুহুৰ্ত । দলটোৰ বৰ্তমানৰ কোছৰ সৈতে হোৱা কিছু মতানক্যৰ বাবেহে দলত স্থান নাপালে ৰামোছে । যাৰ বাবেই অৱসৰ গ্ৰহণৰ সিদ্ধান্ত খেলুৱৈগৰাকীৰ । এতিয়াৰে পৰা ৰঙা জাৰ্ছীত প্ৰতিপক্ষৰ ফালে এটুকুৰা অগ্নিপিণ্ড উফৰি নাহে খেলপথাৰত...

আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ প্ৰখ্যাত খেলুৱৈ চাৰ্জিঅ' ৰামোছৰ
মৰিগাঁৱৰ সগুণবাঁহী গাঁৱত আটক তিনিজন চাইবাৰ অপৰাধী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in