১০০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ একোখনকৈ ই-ৰিক্সা প্ৰদান...

বিটিচি সচিবালয়ৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ২৪ গৰাকী দিব্যাংগ লোকক ই-ৰিক্সা বিতৰণ কৰা হয়
ই-ৰিক্সা বিতৰণ
ই-ৰিক্সা বিতৰণ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰ চৰকাৰৰ মানৱ সেৱা মিছন আচঁনিৰ যোগেদি ১০০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ প্ৰদান কৰা হ'ব একোখনকৈ ই-ৰিক্সা ৷ বিটিচি সচিবালয়ৰ চৌহদত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ২৪ গৰাকী দিব্যাংগ লোকক ই-ৰিক্সা বিতৰণ কৰা হয় ৷

ই-ৰিক্সা বিতৰণ কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক আৰু বিটিচিৰ সমাজ কল্যান বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস উপস্থিত থাকে ৷ ই-ৰিক্সা প্ৰদান কৰাৰ পিছতে কাৰ্যবাহী সদস্য গৌতম দাসে সাংবাদিকৰ আগত কয় যে বিটিআৰ মানৱ সেৱা মিছন আচঁনিৰ যোগেদি প্ৰতিবছৰে ১০০ জন দিব্যাংগ ব্যক্তিক একোখনকৈ ই ৰিক্সা প্ৰদান কৰা হ'ব ।

লগতে তেওঁ কয় যে ২০০ গৰাকী দিব্যাংগ ব্যক্তিক ৫০ হেজাৰকৈ টকা সাহায্য দিয়া হ'ব বুলি মন্তব্য কৰে ৷ বিটিআৰ চৰকাৰৰ এনে সিদ্ধান্তক আদৰণি জনাইছে বিটিআৰবাসীয়ে ।

ই-ৰিক্সা বিতৰণ
কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in