২০২২ বৰ্ষত নিধন নহ'ল এটাও গঁড় :অভিনন্দন প্ৰধানমন্ত্ৰীৰ

বিগত ২০২২ বৰ্ষত ৰাজ্যখনত চোৰাং চিকাৰীৰ হাতত এটাও গঁড় নিধন নোহাৱা বাবে অতিশয় সন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
২০২২ বৰ্ষত  নিধন নহ'ল এটাও গঁড় :অভিনন্দন প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্ক: বিগত ২০২২ বৰ্ষত ৰাজ্যখনত চোৰাং চিকাৰীৰ হাতত এটাও গঁড় নিধন নোহাৱা বাবে অতিশয় সন্তুষ্টি প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । গঁড় হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত দেখুওৱা এনে ঈৰ্ষণীয় সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক অভিনন্দন জনাইছে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ " অসম এতিয়া গঁড়ৰ এক সুৰক্ষিত বাসস্থলী" শীৰ্ষক টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে নিজৰ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে । এই প্ৰসংগতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটত কৰি কয় যে, এয়া শ্ৰেষ্ঠ সংবাদ । গঁড় সুৰক্ষাৰ ক্ষেত্ৰত অসমবাসীয়ে সক্ৰিয় প্ৰচেষ্টা তথা ভূমিকাৰ বাবে অসমৰ ৰাইজলৈ মই অভিনন্দন জ্ঞাপন কৰিছো ।

২০১৩ আৰু ২০১৪ বৰ্ষত ৰাজ্যখনত ২৭ টাকৈ মুঠ ৫৪ টা গঁড় হত্যাৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত অসমক চুড়ান্ত লজ্জাজনক কৰিছিল । কাৰ্যতঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিগত বছৰটোত এটাও গঁড় হত্যা নোহোৱা বিষয়টোৱে এক অত্যন্ত ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ।

আৰু পঢ়ক: চিনেমা হলৰ ভিতৰত খাদ্য-সামগ্ৰী লৈ যোৱা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in