কালাইনত বুজন পৰিমাণৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ

কালাইনত বুজন পৰিমাণৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
কালাইনত বুজন পৰিমাণৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ কালাইনত বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হৈছে। কালাইন বজাৰত অভিযান চলাই আৰক্ষীয়ে ৪০০০ য়াবা টেবলেট জব্দ কৰে।

Advertisment

জব্দ কৰা টেবলেটৰ‌ বজাৰ মুল্য ১.২০ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। টেবলেটৰ‌ সৈতে আকাশ বৈষ্ণৱ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ধৃত আকাশৰ‌ ঘৰ কালাইন দিগৰখালৰ গোবিন্দকূপাত। সৰবৰাহকাৰীজনৰ পৰা AS 11 Y 0353 নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে। সম্প্ৰতি কালাইন থানাত জেৰা কৰি থকা হৈছে আকাশক।

Also Read: বন্দিহানাত মাতব্বৰীৰাজ !

Assam police