বন্দিহানাত মাতব্বৰীৰাজ !

ড্ৰাগছ সেৱনৰ মিছা অভিযোগত লক্ষাধিক টকা জৰিমনা

author-image
Asomiya Pratidin
New Update
বন্দিহানাত মাতব্বৰীৰাজ !

ভুক্তভোগী

ডিজিটেল সংবাদ,ধুবুৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰাঞ্চলত অব্যাহত থকা মাতব্বৰীৰাজ বন্ধ কৰাৰ কথা ঘোষণা কৰা সময়তে দক্ষিণ শালমাৰা মানকাচৰৰ বন্দিহানা আৰক্ষী চকী এলেকাত মাতব্বৰীৰাজ চলি থকাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি দেশত শক্তিশালী আইন ব্যৱস্থা থকা সত্বেও সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোৰ একাংশ অসাধু দেৱানী মাতব্বৰৰ হাতৰ মুঠিত যেন আইনী ব্যৱস্থা।

Advertisment

কৃত্ৰিমভাৱে বিচাৰ কাৰ্য সৃষ্টি কৰিবলৈ দেৱানীসকলে ঠায়ে ঠায়ে এজেণ্ট নিয়োগ কৰাৰো অভিযোগ উত্থাপিত হৈছে। এচাম লোকক বলিৰ পঠা সজাই এনে মাতব্বৰ চক্ৰটোৱে লাখে লাখে ধন সংগ্ৰহৰ অভিযোগ উঠিছে।

মাতব্বৰ চক্ৰটোক ধন দিলেই যেন অপৰাধ মুক্ত হ'ব পাৰে এচাম ভুক্তভোগীয়ে।আনহাতে চক্ৰটোক ধন নিদিলেই ভুক্তভোগীৰ ওপৰত বাহুবল তথা লাঠি প্ৰয়োগ কৰাো উদাহৰণ থকা কথা জানিব পৰা গৈছে।

স্থানীয় আৰক্ষী প্ৰশাসনৰ কৌশলী আচৰণৰ ফলত এচাম সহজ সৰল লোকে নীৰৱে সহ্য কৰিব লগা হৈছে অসাধু দেৱানী মাতব্বৰৰ অত্যাচাৰ। এনে সময়তে দেওবাৰে পুৱতি নিশা মাতব্বৰ চক্ৰৰ কবলত পৰি ৪৫ হাজাৰ টকা জৰিমনা দিব নোৱাৰি এগৰাকী কিশোৰে ডিঙিত চিপ লৈ চৰমপন্থা গ্ৰহণৰ প্ৰচেষ্টাৰ খবৰে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী মতে, ১৬মে'ৰ সন্ধিয়া ৭ টা মান বজাত ডিমাতলা জন কল্যাণ এল পি স্কুল খেলপথাৰত তিনিজনীয়া দল এটাই খেল-ধেমালি সামৰি গুটখা সেৱন কৰি আছিল। উক্ত সময়তে দেৱানী মাতব্বৰসকলৰ এজেণ্ট পৰিয়াল এটাই যুৱক তিনিগৰাকীক চোৰ বুলি অভিযোগ কৰে। লগতে লাঠি-ডেগাৰ আদি লৈ মাৰপিট কৰিবলৈ আৰম্ভ কৰে। তৎক্ষণাতে স্থানীয় কেইগৰাকী লোকৰ তৎপৰতাত পৰৱৰ্তী সময়ত ঘটনাৰ মীমাংসা কৰিবলৈ ৰাইজমেল বহাৰ ব্যৱস্থা কৰে।

ইফালে শনিবাৰে ৰাতি আলগা চতুৰ্থ খণ্ড গাঁৱৰ জমিৰ উদ্দিনৰ ঘৰত উক্ত ঘটনাৰ বিচাৰৰ বাবে সভা অনুষ্ঠিত হয়। এনে মাতব্বৰসকলৰ নিয়ন্ত্ৰণত পৰিচালিত সভাত তিনি যুৱকক ড্ৰাগছ সেৱন কৰা বুলি অভিযুক্ত কৰি ১.০৫ লাখ টকা জৰিমনা বিহা হয়।

অভিযোগ অনুসৰি জৰিমনাৰ টকা আদায় দিব নোৱাৰি দেৱানীসকলক সন্তুষ্ট কৰিবলৈ ১৭ বছৰীয়া কিশোৰ এগৰাকীক মাৰপিট কৰে। লগতে কিশোৰগৰাকীৰ পিতৃয়ে সভাৰ সভাপতিৰ ভৰিত ধৰি ক্ষমা বিচাৰে।

Also Read: অদমনীয় ছানৰাইজাৰ্ছ হায়দৰাবাদ : পাঞ্জাৱ কিংছক পৰাস্ত কৰি প্লে-অফৰ বাবে সাজু

Assam police dhuburi police