টিহুৰ নান্নাট্টাৰীৰ সৰবৰহী মহিলা ভাৰতী দেৱীৰ মৃত্যু

তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, টিহু মহকুমা সাংবাদিক সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে

author-image
Asomiya Pratidin
New Update
টিহুৰ নান্নাট্টাৰীৰ সৰবৰহী মহিলা ভাৰতী দেৱীৰ মৃত্যু

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাৰ টিহু নগৰৰ নান্নাট্টাৰী নিবাসী সৰবৰহী ধৰ্মপ্ৰণা মহিলা ভাৰতী দেৱীৰ শনিবাৰে পুৱা ৪-৩০ বজাত বাৰ্দ্ধক্যজনিত কাৰণত নিজ গৃহত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ।

Advertisment

সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। নান্নাট্টাৰী অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ এগৰাকী আয়তী হিচাপে সকলোৰে মাজত জনপ্ৰিয় আছিল।

তেওঁৰ মৃত্যুত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, টিহু মহকুমা সাংবাদিক সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

শিল্পী পেঞ্চনপ্ৰাপ্ত প্ৰয়াত আদ্য শৰ্মাৰ পত্নী ভাৰতী দেৱীয়ে মৃত্যুৰ সময়ত অসম জাতীয় বিদ্যালয় ন্যাসৰ সচিব তথা বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ নাৰায়ন শৰ্মাকে ধৰি দুই পুত্ৰ-বোৱাৰী, পাঁচগৰাকীকৈ জী-জোঁৱাই, নাতি-নাতিনীৰে সৈতে অজস্ৰ গুনমুগ্ধক এৰি থৈ যায়।

Also Read: শোণিতপুৰত দৌল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ

asom jatiya vidyalaya