দূৰ হোৱাৰ দিশে বহুদিনীয়া অভাৱঃ ঢকুৱাখনা-ঘূণাসুঁতি হৈ যাব পাৰিব লখিমপুৰ সদৰলৈ

যাৰ জৰিয়তে ঢকুৱাখনাবাসীৰ জিলা সদৰ সংযোগৰ অতি চমু পথটোৰ সুদীর্ঘ দিনীয়া অভাৱ অচিৰেই বাস্তৱত ৰূপ পোৱাতো সুনিশ্চিত হ'ব
দূৰ হোৱাৰ দিশে বহুদিনীয়া অভাৱঃ ঢকুৱাখনা-ঘূণাসুঁতি হৈ যাব পাৰিব লখিমপুৰ সদৰলৈ

ডিজিটেল সংবাদ,ঢকুৱাখনা : বহু আকাংক্ষিত ঢকুৱাখনা-ঘূণাসুঁতি হৈ লখিমপুৰ সদৰ সংযোগকাৰী পথ নিৰ্মাণ ব্যৱস্থাটোৱে অগ্ৰগতি লাভ কৰিছে । লখিমপুৰ জিলা সদৰৰ সৈতে ঢকুৱাখনা মহকুমা সদৰ সংযোগকাৰী অতি চমু আৰু মিত্যব্যয়ী পথ হিচাবে যুগ যুগান্তৰ ধৰি পৰিচিত পথটি ব্যৱহৃত হৈ আহিছে ।

মাত্ৰ ৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলেই জিলা সদৰত উপস্থিত হোৱাতো সম্ভৱ হৈ অহা এই গুৰুত্বপূৰ্ণ লোকনিৰ্মান বিভাগৰ পথটো বিভাগীয় অমনোযোগিতা আৰু অদূৰদৰ্শিতাৰ বাবে সুদীর্ঘ কাল ধৰি পৰিত্যক্ত আৰু বিপদ সংকুল অৱস্থালৈ গতি কৰি আহিছিল।  ঢকুৱাখনা সদৰৰ পৰা ঘিলামৰা আৰু গোগামুখ হৈ জিলা সদৰলৈ প্ৰায় ৭৫ কিলোমিটাৰ পথ অতিক্ৰমাৰ পৰিবৰ্তে এতিয়াও লোকনিৰ্মান বিভাগৰ নগ্ন স্বৰূপ উদঙাই থকা এই ঘূণাসুঁতি পথেৰে আজিও বহু সংখ্যক ৰাইজে  মৰণক শৰণ দি হ'লেও অব্যাহত ৰাখি আহিছে দুৰ্গম পথেৰে দৈনিক যাতায়ত ।

ঐতিহাসিক আৰু ভৌগোলিকভাৱে যথেষ্ট গুৰুত্ব থকা এই পথটো পুনৰ উজ্জীৱিত কৰাৰ দাবীত ঢকুৱাখনা মহকুমাৰ গৰিষ্ঠ সংখ্যক দল আৰু সংগঠনৰ তৰফৰ পৰা বিভিন্ন সময়ত দাবী উত্থাপিত হৈ আহিছিল । এনে প্ৰেক্ষাপটত এই গুৰুত্বপূৰ্ণ পথটোৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা অনুধাৱন কৰি এই ক্ষেত্ৰত এক সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা লোকনিৰ্মান বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখনা ঘূণাসুঁতি হৈ লখিমপুৰ সংযোগকাৰী এই পথটো নিৰ্মাণৰ প্ৰাথমিক পদক্ষেপ হিচাবে ঢকুৱাখনা মহকুমাৰ খজুৱা তিনিআলিৰ পৰা বেবেজিয়া চাৰিআলি পৰ্যন্ত প্ৰায় ৯. ৮ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱা পুনৰ নিৰ্মাণৰ বাবে পুঁজি মুকলি কৰি দিছে।

জানিব পৰা মতে ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মান পথ সংমণ্ডলৰ অধীনৰ এই পথছোৱা  নিৰ্মাণৰ বাবে "মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি" ৰ শিতানত ইতিমধ্যে প্ৰায় ১১ কোটি টকা আৱন্তন কৰিছে। ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগে এই আঁচনি ৰূপায়ণৰ বাবে  নিবিদা আহ্বান কৰি অভিজিত পাটোৱাৰী নামৰ এগৰাকী বিভাগীয় ঠিকাদাৰক এই কামৰ ঠিকা প্ৰদান কৰা বুলি জনা গৈছে ।

বিভাগীয় এক শীর্ষ সূত্ৰই জনোৱা মতে এই আঁচনিৰে নিৰ্মাণ হ'বলগীয়া প্ৰায় ৯. ৮ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা মুঠ ৫.৫ মিটাৰ বহলকৈ দ্বৈতভাৱে নিৰ্মাণ কৰিব খজুৱা তিনি আলিৰ পৰা  শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰহৈ বেবেজিয়া চাৰিআলি পৰ্যন্ত । সম্প্ৰতি ৩.৭৫ মিটাৰ বহল এই পথছোৱা ৫.৫ মিটাৰ বহল কৈ নিৰ্মাণ কৰাৰ বাবে কামৰ কৰ্তৃত্ব লাভ ঠিকাদাৰ গোষ্ঠীয়ে ইতিমধ্যে প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ কৰিছে আৰু অতি সোনকালেই কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিছে ।

ঢকুৱাখনা লোকনিৰ্মান বিভাগেও এই আঁচনি ৰূপায়ণৰ বাবে তৎপৰতা আৰম্ভ কৰি যাবতীয় কার্যব্যৱস্থা গ্ৰহণ কৰিছে । উল্লেখ্য যে বেবেজিয়া চাৰিআলিৰ পৰা ঘাগৰ-সোৱণশিৰী নদী সংযোগ কৰা এক পথ নিৰ্মাণ আঁচনি আৰু দলং নিৰ্মাণ আঁচনি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।

যাৰ জৰিয়তে ঢকুৱাখনাবাসীৰ জিলা সদৰ সংযোগৰ অতি চমু পথটোৰ সুদীর্ঘ দিনীয়া অভাৱ অচিৰেই বাস্তৱত ৰূপ পোৱাতো সুনিশ্চিত হ'ব বুলি স্থানীয়লোকে আশা প্ৰকাশ কৰে ।

দূৰ হোৱাৰ দিশে বহুদিনীয়া অভাৱঃ ঢকুৱাখনা-ঘূণাসুঁতি হৈ যাব পাৰিব লখিমপুৰ সদৰলৈ
গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ নামত ল'ৰা ধেমালি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in