গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ নামত ল'ৰা ধেমালি...

গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ নামত ল'ৰা ধেমালি...

author-image
Asomiya Pratidin
New Update
গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ নামত  ল'ৰা ধেমালি...

গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ নামত ল'ৰা ধেমালি...

ডিজিটেল ডেস্কঃ গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে ! ১৩ মাৰ্চ, সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিলে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা।

Advertisment

আন বহু শিল্পীৰ লগতে উদিয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও এই অনুষ্ঠানতে গ্ৰহণ কৰিলে তেওঁলৈ আগবঢ়োৱা শ্ৰেষ্ঠ নেপঠ্য কণ্ঠশিল্পী (মহিলা) ৰ 'প্ৰতিমা পাণ্ডে বৰুৱা বঁটা'। নাহিদলৈ এই বঁটা আগবঢ়োৱা হৈছে 'নিজানৰ গান' নামৰ ছবিখনৰ 'নীলাতে লুকা ভাকু' গানটোৰ বাবে।

কিন্তু সকলোকে আচৰিত কৰা কথাটো হ'ল 'নীলাতে লুকা ভাকু' শীৰ্ষক গানটোত নাহিদ আফ্ৰিনে কণ্ঠদান কৰাই নাছিল। গানটোত প্ৰকৃততে কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱী আৰু জুবিন গাৰ্গে।

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতখনত বিতৰ্কৰ সূত্ৰপাত হৈছে। 'নীলাতে লুকা ভাকু' শীৰ্ষক গীতটোৰ প্ৰকৃত কণ্ঠশিল্পী ৰূপজ্যোতি দেৱীয়ে ফেচবুকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নাহিদ আফ্ৰিনে বঁটা গ্ৰহণ কৰাৰ এখন ফটো আৰু বঁটাৰ লগত প্ৰদান কৰা মানপত্ৰৰ সৈতে ইউটিউবৰ এটা স্ক্ৰৃণ শ্বটো শ্বেয়াৰ কৰিছে।

ৰূপজ্যোতি দেৱীয়ে নিজেই কণ্ঠদান কৰা গানটোৰ ইউটিউব লিংকৰ সৈতে তেওঁ লিখিছে, এই গানটোৰ বাবে সন্মানীয় অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বাবে অভিনন্দ নাহিদ আফ্ৰিন।

উল্লেখ্য যে ইউটিউবত উপলব্ধ গানটোত স্পষ্টকৈ লিখা আছে গানটোত কণ্ঠদান কৰিছে জুবিন আৰু ৰূপজ্যোতিয়ে। এতিয়া প্ৰশ্ন হয় ইমান এটা বৃহৎ ভুল কিদৰে হ'বলৈ পালে?

নাহিদে যদি গানটো গোৱাই নাছিল তেনে কিয় এই বঁটা গ্ৰহণ কৰিলে? সমগ্ৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূচনা কৰিছে।

Also Read: কিমান টকাৰ বিনিময়ত বিক্ৰী হৈছিল প্ৰশ্নকাকত? আৰক্ষীয়ে দিলে বিস্ফোৰক তথ্য

ৰাজ্যিক চলচ্চিত্ৰ বঁটা নাহিদ আফ্ৰিন নিজানৰ গান