/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e3a33e0f-2505-4666-b069-385353a8fe31/471.jpg)
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ ঝাউডাঙা এম ই স্কুলৰ ভালেখিনি ভূমি স্থানীয় বানুৱাৰীলাল ৰবিদাস নামৰ এজন ব্যক্তিয়ে বেদখল কৰাৰ পাছত বৃহস্পতিবাৰে জিলা প্ৰশাসনে উচ্ছেদ চলাই ভূমিখিনি বেদখলমুক্ত কৰে। উল্লেখযোগ্য যে, ২০১৯ চনত কোভিডৰ সময়ত বিদ্যালয়খনৰ বাউণ্ডাৰী ওৱাৰ্লৰ পিছফালে থকা ভূমি স্থানীয় বানুৱাৰীলাল ৰবিদাস নামৰ লোকজনে বেদখল কৰিবলৈ আৰম্ভ কৰিছিল।
তেতিয়াৰ পৰাই লোকজনে অলপ অলপ কৈ বিদ্যালয়ৰ ভূমিত দুটাকৈ টিনপাতৰ ঘৰ উঠোৱাৰ লগতে পকী শৌচালয় আৰু স্নানাগাৰ নিৰ্মাণ কৰি ভূমিখিনি বাহৰ তৰ্জাৰে বেৰ দি নিজৰ দখলত নিয়ে। ঘটনাক লৈ বিদ্যালয় কতৃপক্ষই মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাত ২০২২ চনত কাৰ্যালয়খনৰ পৰা মাটিখিনি বেদখলমুক্ত কৰিবলৈ লোকজনক জাননি দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5829d5fa-5047-40dc-9e8a-0aa0e01649c7/b4cee042_c90a_4c8e_a28e_a39a0698f0c8.jpg)
কিন্তু লোকজনে ইমানতে ক্ষান্ত নাথাকি বিদ্যালয়ৰ ভূমিখিনি নিজৰ দখলত নিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। দুয়ো পক্ষৰ শুনানিৰ পাচত গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদ্যালয়ৰ পক্ষত ৰায়দান প্ৰদান কৰে।
ফলত ৰাজহ বিভাগৰ দায়িত্বত থকা জিলা অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশত আজি মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত ভূমিখিনি বেদখলমুক্ত কৰা হয়। পকী শৌচালয়, স্নানাগাৰ, টিনপাতৰ দুটা গৃহ আৰু বাহেৰে তৰ্জাৰ বেৰ দিয়া বাউণ্ডাৰী উচ্ছেদ কৰি ভূমিখিনি বিদ্যালয়ক চমজাই দিয়া হৈছে।
Also Read: নগাঁৱৰ ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী নবীন কৰণৰ দেহাৱসান