নগাঁৱৰ ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী নবীন কৰণৰ দেহাৱসান

নগাঁৱৰ ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী নবীন কৰণৰ দেহাৱসান

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰবাৰী মাজগাঁও নিবাসী প্ৰায় ১০৪ বছৰ বয়সীয়া দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী নবীন কৰণৰ বৃহস্পতিবাৰে বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে ৷ নগাঁও জিলাৰ ৰঙাগড়া চাহ বাগিচাত প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষা সমাপ্ত কৰি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বৰবাৰী মাজগাঁৱত স্থায়ীভাৱে বসতিস্থাপন কৰি পৰৱৰ্তী সময়ত তেখেতে ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল ৷

নগাঁৱৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয় বৃটিছ সেনাৰ হাতত ধৰা পৰি কাৰাবাসো খাটিবলগীয়া হৈছিল ৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি গৈছিল ৷

তেখেত এগৰাকী সৰবৰহী, লোকপ্ৰিয়, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল ৷ আজি পুৱাৰ ভাগত শ্বাস-প্ৰশ্বাসজনিত কাৰণত কষ্ট পোৱাত নগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত দুপৰীয়া প্ৰায় ১২.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি নবীন কৰণৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ তৰফৰ পৰাও তেওঁৰ পুণ্যাত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শেষ বিদায় জনায় ৷ একেদৰে নগাঁও জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ ৪জন পুত্ৰ আৰু দুগৰাকী কন্যা, বোৱাৰী, নাতি- নাতিনীসহ অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

নগাঁৱৰ ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী নবীন কৰণৰ দেহাৱসান
আজিৰে পৰা ‘অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ-২০২৩’ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in